
উদয় চৌৰাছিয়া নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে চলোৱা তদন্তৰ ভিত্তিত গুৱাহাটী, শ্বিলং আৰু পলাশবাৰীৰ মুঠ ৬টা স্থানত এই অভিযান

বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দুটা কাৰখানাত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তালাচী অভিযান
২০২৩ চনৰ ৪ আগষ্টত আজাৰা ৰে’লৱে ষ্টেচনত STFয়ে গুটখা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাইছিল
দিল্লী অভিমুখী মালবাহী ৰে’লৰ চাৰিটা ডবাৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়া গুটখা, ধঁপাতজাতীয় সামগ্ৰী আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছিল
সেই সময়তে উদয় চৌৰাছিয়া নামৰ ব্যক্তিজনক STF গ্ৰেপ্তাৰ কৰিছিল
তদন্তত ৰে’লৱেৰ নথিত কাপোৰৰ সামগ্ৰী বুলি উল্লেখ কৰি গুটখা আৰু পান মছলা সৰবৰাহ কৰাৰ অভিযোগ পোহৰলৈ আহিছিল
পৰৱৰ্তী সময়ত গোচৰটোৰ তদন্ত লৈছিল EDয়ে
সেই তদন্তৰ অংশ হিচাপে আজি EDয়ে চলাই অভিযান












