
ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে দিল্লীৰ তাপমাত্ৰা (Delhi Cold)। বুধবাৰৰ পিছত বৃহস্পতিবাৰে ৰাজধানী চহৰখনৰ তাপমাত্ৰা আৰু এক ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়। বৃহস্পতিবাৰৰ সৰ্বনিম্ন তাপমাত্ৰা ৯ ডিগ্ৰী চেলছিয়াছ। যিটো এই ঋতুৰ এতিয়ালৈকে আটাইতকৈ ঠাণ্ডা দিন বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ৰাজধানীখনৰ বেছিভাগ ঠাইতে ৯-১০ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে তাপমাত্ৰা চলি আছে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বৃহস্পতিবাৰে লোধি পথত সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলছিয়াছ, তাৰ পিছতে পালাম (৯.৯ ডিগ্ৰী চেলছিয়াছ), পুছা (৯.১ ডিগ্ৰী চেলছিয়াছ), অয়ানগৰ (১০.৫ ডিগ্ৰী চেলছিয়াছ)। যোৱা ২৪ ঘণ্টাত ছফদৰজঙৰ তাপমাত্ৰা ১ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাইছে। উষ্ণতা হ্ৰাস পোৱাৰ লগতে সমগ্ৰ ৰাজধানীতো বৃদ্ধি পাইছে কুঁৱলী। কিছুমান ঠাইত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পাইছে। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। যাতায়াত ব্যাহত হৈছে।
বতৰ বিভাগে জনোৱা মতে, আগন্তুক কেইদিনমানৰ বাবে আকাশ বেছিভাগেই পৰিষ্কাৰ হৈ থাকিব। সৰ্বনিম্ন তাপমাত্ৰা ৮-১০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। শনিবাৰ আৰু দেওবাৰে বৃদ্ধি পাব কুঁৱলী। অৱশ্যে আগন্তুক সাত দিনত উষ্ণতাৰ সামান্য পৰিৱৰ্তন হ’ব। ইয়াৰ পিছত পাৰা ২-৩ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব পাৰে বুলি বতৰ বিভাগে প্ৰকাশ কৰিছে।
আনহাতে, ৰাজধানীত প্ৰদূষণৰ ছবিখনৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। বৃহস্পতিবাৰেও বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ‘দুৰ্বল’ স্তৰত থাকে। প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰসমূহৰ ভিতৰত আনন্দ বিহাৰত আটাইতকৈ বেয়া। তাত একিউইউ ৩৩২। ইয়াৰ পিছতে আছে দিল্লী বিশ্ববিদ্যালয় নৰ্থ কেম্পাছ। এই কেন্দ্ৰৰ দুটাৰ বায়ুৰ গুণাগুণ ‘অতি বেয়া’। আইআইটি দিল্লী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বায়ুৰ গুণাগুণ ‘দুৰ্বল’।
চিপিচিবিৰ তথ্য অনুসৰি, ০-৫০ একিউআই ‘ভাল’, ৫১-১০০ ‘সন্তোষজনক’, ১০১-২০০ ‘মধ্যমীয়া’, ২০১-৩০০ ‘বেয়া’, ৩০১-৪০০ ‘অতি বেয়া’ আৰু ৪০১-৫০০ ‘গুৰুতৰ’ বুলি গণ্য কৰা হয়।











