ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

Staff Reporter by Staff Reporter
November 26, 2026
Reading Time: 1 min read
A A
0
CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

RELATED POSTS

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

New Logo Smal 1 | ASSAM TIMES POST

ককৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ (CJP leader passport) সৌৰভ দাসৰ বিৰুদ্ধে এইবাৰ লুকাউট নোটিচ জাৰি কৰা হৈছে। বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ক এই খবৰ দিয়ে কেন্দ্ৰই। কেন্দ্ৰই দাবী কৰিছে যে সৌৰভৰ পাছপ’ৰ্টত থকা ‘অসামঞ্জস্য’ই তেওঁৰ নাগৰিকত্বতো প্ৰভাৱ পেলাব পাৰে।

CJP leader passport I
ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী:

যোৱা সোমবাৰে নিশা দিল্লীৰ পৰা লণ্ডন অভিমুখী বিমানত উঠিবলৈ বাধা দিয়া হয় সৌৰভক। ককৰোচ নেতাজনে দাবী কৰে যে তেওঁক অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ সেই উদ্দেশ্যে গৈছিল। সোমবাৰে নিশা ১ বজাত তেওঁ লণ্ডন অভিমুখী বিমানত উঠিব লাগিছিল। কিন্তু তাৰ আগতে দিল্লী বিমানবন্দৰত তেওঁক ৰখাই দিয়া হৈছিল।

এই সন্দৰ্ভত বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সৌৰভ। প্ৰশাসনে তেওঁৰ বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে চিজেপিৰ মুখপাত্ৰজনে। বৃহস্পতিবাৰে ন্যায়াধীশ অমিত মহাজনৰ বিচাৰপীঠৰ সন্মুখত যেতিয়া গোচৰটো শুনানিৰ বাবে যায়, তেতিয়া কেন্দ্ৰই সৌৰভৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা বুলি কয়।

কেন্দ্ৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেলে যুক্তি আগবঢ়ায় যে যোৱা দেওবাৰে নিশা মহাৰাষ্ট্ৰ আৰক্ষীয়ে সৌৰভৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰিছিল।

গতিকে সৌৰভে ইয়াৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন দাখিল কৰিব লাগে বুলি কেন্দ্ৰৰ অধিবক্তাই যুক্তি আগবঢ়ায়। ‘লাইভ ল’ৰ মতে, সৌৰভৰ অধিবক্তাই কেন্দ্ৰৰ পৰা লুকাউট নোটিচৰ কপি বিচাৰিছিল। অৱশ্যে অতিৰিক্ত ছলিচিটৰ জেনেৰেলে তেওঁক কয় যে লুকাউট জাননীৰ কোনো প্ৰতিলিপি দিব নোৱাৰিব।

সৌৰভক বিমানবন্দৰত ৰখাই দিয়াৰ পিছদিনা মঙলবাৰে চৰকাৰী সূত্ৰই ককৰোচ নেতাজনৰ পাছপ’ৰ্টত কিছু ‘অসামঞ্জস্য’ থকা বুলি প্ৰকাশ কৰে। সোমবাৰে নিশা সৌৰভে ছ’চিয়েল মিডিয়াতো কয় যে বিমানবন্দৰৰ ইমিগ্ৰেচন চেকপইণ্ট পোৱাৰ পিছত তেওঁ গম পাইছিল যে তেওঁৰ পাছপ’ৰ্ট ‘ফ্লেগ’ (সন্দেহজনক বুলি তালিকাভুক্ত কৰা হৈছে)। পিছত সূত্ৰই প্ৰকাশ কৰে যে তেওঁৰ পাছপ’ৰ্টত জন্মস্থানৰ সন্দৰ্ভত তথ্যত ‘অসামঞ্জস্য’ আছে।

‘লাইভ ল’ৰ মতে, এই সন্দৰ্ভত চেন্নাইৰ পাছপ’ৰ্ট কাৰ্যালয়ৰ পৰাও সৌৰভলৈ কাৰণ দেখুওৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি, তেওঁ ইয়াৰ কোনো সঁহাৰি নিদিলে।

বৃহস্পতিবাৰে সৌৰভৰ অধিবক্তাই আদালতত কয়, “কাৰণ দেখুওৱাৰ জাননীত উল্লেখ আছে যে সৌৰভৰ জন্মস্থান ভুল আৰু তেওঁ গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই পাছপ’ৰ্ট লাভ কৰিছে। এই অভিযোগৰ সমৰ্থনত প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰি বিষয়টো স্পষ্ট কৰাটো প্ৰয়োজন।” অন্যথা সৌৰভৰ পাছপ’ৰ্ট জব্দ হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে অধিবক্তাগৰাকীয়ে।

অতিৰিক্ত ছলিচিটৰ জেনেৰেলে কয় যে সৌৰভে পিতৃৰ নামৰ বাবে থকা স্তম্ভটো খালী কৰি থৈ গৈছে। ফলত পুডুচেৰীৰ এছএছপিয়ে জন্মস্থান, ঠিকনা আৰু পিতৃ-মাতৃৰ পৰিচয়ৰ সত্যতা পৰীক্ষা কৰিবলৈ ২০ আগষ্টৰ পৰা তদন্ত আৰম্ভ কৰে। সেই সময়ত কেন্দ্ৰৰ অধিবক্তাই কৈছিল, “পাছপ’ৰ্টৰ অমিলৰ বাবে সৌৰভৰ নাগৰিকত্বত প্ৰভাৱ পৰিব পাৰে।”

অৱশ্যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এ-অ’ই কয় যে পাছপ’ৰ্ট কাৰ্যালয়ে সৌৰভলৈ প্ৰেৰণ কৰা কাৰণ দেখুওৱাৰ জাননীত তেওঁৰ পাছপ’ৰ্ট বাতিল বা জব্দ কৰা হ’ব বুলি ক’তো উল্লেখ কৰা হোৱা নাই। তেওঁ কেৱল কাৰণ দেখুওৱাৰ জাননীৰ উত্তৰ দিব লাগিব বুলি কেন্দ্ৰৰ অধিবক্তাই কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ককৰোচ নেতা সৌৰভ দাসৰপাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বতপ্ৰভাৱ পেলাব পাৰেবিৰুদ্ধে লুকাউট জাননী
Share4Tweet3Send

Related Posts

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ
National-International

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

by News Desk
November 26, 2026
50
JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান
National-International

JK terrorist attack I কাশ্মীৰত আত্মগোপন কৰা ৬৫ পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত অনুসন্ধান অভিযান

by News Desk
November 26, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

by News Desk
November 25, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Sexual harassment I কেফেত যুৱতীক যৌন নিৰ্যাতনত মহিলা সহকৰ্মী জড়িতৰ অভিযোগ, ৩ জনক গ্ৰেপ্তাৰ

by News Desk
November 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

US Cyber attack I আমেৰিকাত আন এক চাইবাৰ আক্ৰমণ, একাধিক চোৰাংচোৱা সংস্থাৰ পৰা তথ্য ফাদিল

by News Desk
November 25, 2026
50
Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’
National-International

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

by News Desk
November 24, 2026
50
ADVERTISEMENT
CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে
National-International

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

November 26, 2026
50
Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ
ALL NEWS

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

November 26, 2026
50
26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল
ALL NEWS

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

November 26, 2026
50
Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ
National-International

Bahrain Rules I পাঁচ টকীয়া খৈনি খাই বাহৰেইনত ১৮ দিন জে’ল, ১৮ লাখ জৰিমনা ভাৰতীয় যুৱকৰ

November 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

CJP leader passport I ককৰোচ নেতা সৌৰভ দাসৰ বিৰুদ্ধে লুকাউট জাননী, পাছপ’ৰ্টৰ অসামঞ্জস্যই নাগৰিকত্বত প্ৰভাৱ পেলাব পাৰে

November 26, 2026
Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

Constitution Day I কোনো শক্তিয়ে নাৰী সংৰক্ষণক বাধা দিব নোৱাৰে, সংবিধান দিৱসত বিৰোধীক আক্ৰমণ মোদীৰ

November 26, 2026
26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

26/11 attack I অভিশপ্ত ২৬ নৱেম্বৰ, ১৫ বছৰ পূৰ্বে উচ্চ ন্যায়ালয়ত কাছবৰ হৈ যুক্তি দিয়া দুই অধিবক্তাই আজিও লাভ কৰা নাই মাচুল

November 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d