ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

Staff Reporter by Staff Reporter
November 19, 2026
Reading Time: 1 min read
A A
0
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

RELATED POSTS

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

Duliajan triple murder  I দুলীয়াজান ‘ট্ৰিপল মাৰ্ডাৰ’ ঘটনা, আৰক্ষীৰ জালত মূল অভিযুক্ত

New Logo Smal 1 | ASSAM TIMES POST

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ে (AMCH controversy) স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জাৰি কৰা গাইডলাইনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। মহাবিদ্যালয়খনৰ বিভাগীয় মুৰব্বী প্ৰশান্ত দিহিঙীয়াই জেনেৰেল মেডিচিন বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰম সম্পূৰ্ণ নকৰালৈকে বিবাহ নকৰিবলৈ পৰামৰ্শ দিয়ে। বুধবাৰৰ গাইডলাইনত কোৱা হৈছে যে এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে ৰোগীৰ যত্ন আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগে, বিয়াত নহয়।

AMCH controversy I
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক:

ছাত্ৰ-ছাত্ৰীসকলক দিয়া বিবৃতিত কোৱা হৈছে, “পাঠ্যক্ৰম শেষ নোহোৱালৈকে সকলোকে বিবাহৰ দৰে ব্যক্তিগত অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত তেওঁলোকৰ প্ৰাথমিক গুৰুত্ব ৰোগীৰ যত্ন, দায়িত্ব, অধ্যয়ন আৰু গৱেষণা হ’ব লাগে। তেওঁলোকে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আশা কৰা হৈছে যে সকলো পিজিটিয়ে এই পৰামৰ্শ মানি চলিব।”

গাইডলাইনত প্ৰশান্ত দিহিঙীয়াই স্বাক্ষৰ আছে। কিন্তু এই জাননী পোহৰলৈ অহাৰ পিছত তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। পৰৱৰ্তী সময়ত অৱশ্যে বিতৰ্কৰ সন্মুখত তেওঁ নিজৰ সুৰ নৰম কৰে। তেওঁ কয় যে এয়া কেৱল এটা পৰামৰ্শহে। ইয়াক পালন কৰাৰ কোনো বাধ্যবাধকতা নাই।

বুধবাৰে বিতৰ্কিত গাইডলাইন সন্দৰ্ভত ডাঃ প্ৰশান্ত দিহিঙীয়াই জনাইছে যে শেহতীয়াকৈ তেওঁৰ এজন কনিষ্ঠ চিকিৎসকে বিবাহৰ বাবে ২১ দিনৰ ছুটী লৈছিল। ইয়াৰ পূৰ্বে আন এজন পিজিটিয়ে ৩১ দিনৰ ছুটী লৈছিল। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ৰোগীৰ চাপ কেনেকৈ চম্ভালিব পাৰি?

সেই কথা মনত ৰাখিয়েই তেওঁ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক বিয়া নকৰিবলৈ বাৰ্তা দিয়ে। বিভাগটোৰ মুৰব্বীজনে দাবী কৰে যে সকলো পিজিটি তেওঁৰ সন্তানৰ দৰে। তেওঁ কেৱল সেই অধিকাৰৰ পৰাই পৰামৰ্শ দিছিল। কিন্তু এই অধিসূচনাক লৈ ক্ষোভিত হৈ পৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিভাগৰ কনিষ্ঠ চিকিৎসকসকল।

তেওঁলোকে কয় যে যদি পৰামৰ্শ হয় তেন্তে মেমো নম্বৰৰ সৈতে চৰকাৰী আদেশৰ দৰে অধিসূচনা কিয় জাৰি কৰা হ’ল? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “সেই ক্ষেত্ৰত মই আন এখন অধিসূচনা জাৰি কৰি জনাই দিম যে এই গাইডলাইন কোনো নিৰ্দেশ বা আদেশ নহয়। এই পৰামৰ্শ মানি চলাৰ কোনো বাধ্যবাধকতা নাই।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্কশিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়
Share4Tweet3Send

Related Posts

Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

by Staff Reporter
November 19, 2026
50
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা
Assam

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

by News Desk
November 18, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
Assam

Duliajan triple murder  I দুলীয়াজান ‘ট্ৰিপল মাৰ্ডাৰ’ ঘটনা, আৰক্ষীৰ জালত মূল অভিযুক্ত

by News Desk
November 18, 2026
51
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ, জিলা পৰিবহণ বিষয়াক নিলম্বন

by News Desk
November 17, 2026
50
Drugs seized I ডিলাইত আৰক্ষীৰ বৃহৎ সাফল্য; ট্ৰাকৰ চকাৰ পৰা জব্দ ৭৫ লাখ টকাৰ কানি, গ্ৰেপ্তাৰ দুই মণিপুৰী সৰবৰাহকাৰী
Assam

Drugs seized I ডিলাইত আৰক্ষীৰ বৃহৎ সাফল্য; ট্ৰাকৰ চকাৰ পৰা জব্দ ৭৫ লাখ টকাৰ কানি, গ্ৰেপ্তাৰ দুই মণিপুৰী সৰবৰাহকাৰী

by News Desk
November 17, 2026
66
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

by News Desk
November 16, 2026
50
ADVERTISEMENT
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

November 19, 2026
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

November 19, 2026
50
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু
National-International

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

November 19, 2026
50
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

November 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

November 19, 2026
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

November 19, 2026
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

November 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d