ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

News Desk by News Desk
November 16, 2026
Reading Time: 1 min read
A A
0
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

RELATED POSTS

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী, মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি

New Logo Smal 1 | ASSAM TIMES POST

যোৱা শুকুৰবাৰে কাজিৰঙাৰ সমীপত এখন ট্ৰেভেলাৰ আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ (Kaziranga Accident) হয়। উক্ত ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়। কিন্তু কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো? স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শীয়ে কেনেকৈ আৰম্ভ কৰিলে প্ৰাৰম্ভিক উদ্ধাৰৰ কাম? আমিন বাউৰী নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে এই বিষয়ে জনাই কয়, কাজিৰঙাৰ সমীপত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁ যাত্ৰা কৰি আছিল। বন্ধু এজনৰ সৈতে বাইক চলাই ট্ৰেভেলাৰখনৰ পিছে পিছে প্ৰায় ৩০ মিটাৰ দূৰৈত তেওঁলোক ৰাস্তাৰে গৈ আছিল।

Kaziranga accident I
কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী:

তেওঁ কয় যে এখন গাঁৱৰ কাষেৰে পাৰ হৈ যোৱাৰ পিছত ট্ৰেভেলাৰখন ৰৈ যায়। তেতিয়া এগৰাকী মহিলা আৰু এটা শিশু গাড়ীখনত উঠে। পিছত আকৌ যাবলৈ ধৰে। অলপ পিছত আমিন আৰু তেওঁৰ বন্ধুৱে এটা ডাঙৰ শব্দ শুনিলে। ধোঁৱাই আৱৰি ধৰিলে চৌপাশ। দুয়োজনে উপলব্ধি কৰিলে যে ট্ৰেভেলাৰখনৰ আন এখন বাহনৰ সৈতে সংঘৰ্ষ হৈছে। বাইকৰ পৰা নামি ওচৰলৈ গৈ দেখিলে যে খুন্দা মৰা গাড়ীখন সৰু গাড়ী নহয়, বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনৰ সৈতে ট্ৰেভেলাৰখনে মুখামুখিকৈ খুন্দা মাৰিছে। আমিনে লগতে কয় যে দুৰ্ঘটনাটোৰ পিছত ট্ৰেভেলাৰখনৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ পৰিছিল। ফলত ভিতৰত আবদ্ধ হৈ পৰিছিল সকলো যাত্ৰী। তেওঁলোকে বাহিৰৰ পৰা শিশুসকলে “বচাওক, বচাওক” বুলি চিঞৰি থকা শুনিছিল।

তেতিয়ালৈকে চাৰিওফালৰ অঞ্চলৰ পৰা বহু মানুহ দৌৰি আহিছিল। কিন্তু ধোঁৱা দেখি প্ৰথমে কোনেও বাছখনৰ ওচৰলৈ যাবলৈ সাহস কৰা নাছিল। তেওঁলোকে ভয় খাইছিল। আমিনে দাবী কৰে যে তেওঁ আৰু তেওঁৰ বন্ধুৱে প্ৰথমে উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছিল। গাড়ীখনৰ খিৰিকীৰ আইনা ভাঙি ভিতৰৰ পৰা যাত্ৰীসকলক উলিয়াই আনিবলৈ চেষ্টা কৰে। ভিতৰলৈ চাই আমিনে দেখিলে যে দুৰ্ঘটনাৰ প্ৰভাৱত বাছখনৰ আসনবোৰো খুলি পৰিছে।
আমিনৰ মতে, তেওঁলোকে ছখন বাহনৰ ব্যৱস্থা কৰি আহতসকলক কঁহৰা চিকিৎসা কেন্দ্ৰলৈ লৈ যায়।

পিছত আৰক্ষী আহি পোৱাৰ লগে লগে মৃতদেহ আঁতৰোৱাত সহায় কৰে। আমিনে কয় যে বিকাশ নামৰ স্থানীয় বাসিন্দা এজন আৰু আন এজন ব্যক্তিয়ে উদ্ধাৰ কামত সহায় কৰিছিল। উল্লেখ্য যে দুৰ্ঘটনাটোত তেওঁৰ ভগ্নী, পেহীয়েক, ককাক আৰু ভাতৃৰ মৃত্যু হয়। দুখৰ সৈতে মোকাবিলা কৰাৰ পিছতো তেওঁ আন আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰে। এই ঘটনাৰ পিছত প্ৰত্যক্ষদৰ্শীয়ে অঞ্চলটোৰ স্বাস্থ্য কেন্দ্ৰটোৰ জৰুৰীকালীন সেৱা আৰু আন্তঃগাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

১০৮ নম্বৰত ফোন কৰাৰ পিছতো চৰকাৰী এম্বুলেন্স আহিবলৈ বহু সময় লাগিছিল বুলি অভিযোগ উত্থাপন কৰে। দুৰ্ঘটনাস্থলীলৈ যোৱাৰ দিশৰ বিষয়ে বাৰে বাৰে সোধা হৈছিল। অৱশেষত প্ৰত্যক্ষদৰ্শীয়ে কয় যে চাহ বাগিচাৰ পৰা এম্বুলেন্সত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়। দুখ-কষ্ট তাতেই শেষ হোৱা নাছিল। তেওঁলোকৰ দাবী যে কঁহৰা স্বাস্থ্য কেন্দ্ৰলৈ ৰোগীক নিবলৈ ন্যূনতম ষ্ট্ৰেচাৰ বা ট্ৰলীও মজুত নাছিল। দুমহলীয়া ঘৰটোৰ এটা মহলাত বাস কৰে আৰক্ষী জোৱানসকল। আনটো মহলা ৰোগীৰ বাবে দিয়া হৈছে। প্ৰয়োজনৰ তুলনাত এই ব্যৱস্থা অতি কম বুলি অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰচিঞৰপিছত আবদ্ধ শিশুৰপ্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Share4Tweet3Send

Related Posts

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

by News Desk
November 14, 2026
52
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী, মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি

by News Desk
November 14, 2026
53
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

by ASSAM TIMES POST
November 13, 2026
57
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

by ASSAM TIMES POST
November 13, 2026
62
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

by News Desk
November 13, 2026
60
ADVERTISEMENT
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
50
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

November 16, 2026
50
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

November 15, 2026
50
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

November 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

November 16, 2026
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

November 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d