
ডিফু, ১৫ নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো উলহ-মালহেৰে ছট পূজাৰ শুভাৰম্ভ হয়। দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনা বিয়লি প্ৰায় চাৰে চাৰি বজাত সূৰ্যাস্তৰ সময়ত অগণন ভক্তপ্ৰাণ লোকে আৰাধ্য দেৱতাৰ প্ৰতি নিজৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

চহৰখনৰ মূল ছট ঘাট পানবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ছট পূজাৰ আয়োজন কৰা হয়। প্ৰায় দহ সহস্ৰাধিক ভক্তই ডিফু নদীত ছট মাৰ প্ৰতি নিজৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। জাতি-জনগোষ্ঠী নিৰ্বিশেষে সকলোকে এই পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

কাইলৈ সূৰ্যোদয়ৰ সময়ত পুনৰ ভক্তসকল সমবেত হৈ সূৰ্য দেৱতাৰ আৰাধনাত ব্ৰতী হ’ব। পানবাৰীৰ লগতে বিৰলা, তাৰালাংছ’, ৰে’লৱে কলনী, শিৱবাৰী আদি অঞ্চলৰ উপৰি বকলীয়াঘাটৰ যমুনা নদীৰ ঘাটতো ব্যাপক আয়োজনৰে ছট পূজা পালন কৰা হয়। একেদৰে হাওৰাঘাট, বোকাজানসহ জিলাখনৰ বিভিন্ন স্থানতো উলহ-মালহেৰে ছট পূজা উদযাপন কৰা পৰিলক্ষিত হয়।













