ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2026
Reading Time: 1 min read
A A
0
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

RELATED POSTS

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

New Logo Smal 1 | ASSAM TIMES POST

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাস্থলী শনিবাৰে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই কথা জনাইছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্ঘটনাটোত এতিয়ালৈকে ২৪ জন লোক মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ এই ঘটনা অতি দুখজনক বুলি উল্লেখ কৰি তেওঁ শনিবাৰে দুৰ্ঘটনাস্থলীলৈ যাব বুলি উল্লেখ কৰে।
শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

নিহতলৈ ২ লাখ, আহতলৈ ৫০ হাজাৰকৈ এককালীন সাহায্য ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ,

প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

কাজিৰঙাত শুকুৰবাৰে সংঘটিত শোকাৱহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা সামাজিক মাধ্যমত কৰা প্ৰকাশ কৰা এটা পোষ্টত উল্লেখ কৰা হৈছে যে অসমৰ গোলাঘাট জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী মৰ্মাহত হৈছে। লগতে এই শোকৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। আনহাতে, প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰিছে৷

মন্ত্ৰী ৰণোজ পেগুক দুৰ্ঘটনাস্থলীত উপস্থিত
আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু। তেওঁ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰাৰ লগতে আহতসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে।
নিহত কেইজনমানক চিনাক্ত

ভয়ংকৰ দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ চালক আব্দুল মজিদ আৰু হেণ্ডিমেন সুভাষৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ মৃত্যু হোৱা আন লোকসকলৰ ভিতৰত কেইজনমানক চিনাক্ত কৰা হৈছে। বাগৰিৰ হাৰমতীৰ ৰছিদ আলী, হাফিজ খাতুন, ফাৰহানা য়াছমিন, কহঁৰা আমগুৰিৰ জ্যোতি মাঝি, দৰ্পনা মাঝি, ৰঙাজানাৰ অনুৰাগ গোৱালা আৰু এগৰাকী ছাত্ৰী দীপাঞ্জলি ৰংফাৰ পিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ বাবে উপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণণে শোক প্ৰকাশ কৰিছে৷ সামাজিক মাধ্যমত তেওঁ কাজিৰঙাত সংঘটিত দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷
অমিত শ্বাহৰ শোক প্ৰকাশ
কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত এই দুৰ্ঘটনাক অসহনীয় আখ্যা দি মৃতকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ শোক প্ৰকাশ

কাৰিৰঙাৰ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালে। এটা এক্স পোষ্টত তেওঁ কাজিৰঙাৰ সমীপত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মৰ্মাহত হোৱাৰ লগতে অত্যন্ত হৃদয়বিদাৰক বুলি উল্লেখ কৰিছে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে।

ৰাজনাথ সিঙৰ শোক প্ৰকাশ

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোক প্ৰকাশ কৰিছে ৷ ৰাজনাথ সিঙে এই শোকাৱহ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ৷

প্ৰিয়ংকা গান্ধীৰ শোক প্ৰকাশ

আনহাতে, কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীয়েও কাজিৰঙাৰ দুর্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত এই দুর্ঘটনাক অতি মৰ্মান্তিক আখ্যা দি নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

সাংসদ গৌৰৱ গগৈৰ শোক প্ৰকাশ
ৰঙাজানৰ ঘটনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ দুৰ্ঘটনাটোত নিহত লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ দিব অখিল গগৈৰ
ইফালে কাজিৰঙাৰ দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি এক সংবাদমেলত বিধায়ক অখিল গগৈয়ে মৃতকৰ প্ৰতিটো পৰিয়াললৈ মেও ২৫ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে ৷ আনহাতে, জখলাবন্ধাৰ পৰা নুমলীগড়লৈ যোৱা পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰো দাবী কৰিছে ৷
আহতসকলৰ বাবে তেজ যোগান ধৰিব আছু-অসম সেনাই
কাজিৰঙাৰ দুৰ্ঘটনাত আহতসকলৰ বাবে প্ৰয়োজন হোৱা তেজ আছু আৰু অসম সেনাই যোগান ধৰিব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে আছুৰ সভাপতি উৎপল শৰ্মাই এই কথা ঘোষণা কৰি ইয়াৰ বাবে যোগাযোগ নম্বৰ মুকলি কৰিছে। নম্বৰকেইটা হৈছে গোলাঘাটৰ বাবে ৭০০২১৯২০৬০, ৮৮২২৬২৭২০৬ আৰু যোৰহাটৰ বাবে ৬০০০২৮৭২৯১, ৬০০১২২৯৭৫৫।
দুৰ্ঘটনাত নিহত-আহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী লুৰীণজ্যোতি গগৈৰ

কাজিৰঙাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ ল’লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । নিহত-আহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰো দাবী কৰিলে গগৈয়ে ৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আছু-অসম সেনা তেজ যোগান ঘোষণাউপ-ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণণ দুৰ্ঘটনা সমবেদনাকাজিৰঙা ৰঙাজান দুৰ্ঘটনাকেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুৰ্ঘটনা শোকগোলাঘাট জিলাৰ দুৰ্ঘটনানিহত আৰু আহত লোকলৈ ক্ষতিপূৰণ (প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহিমন্ত বিশ্ব শৰ্মা দুৰ্ঘটনাস্থলী পৰিদৰ্শন“কাজিৰঙা দুৰ্ঘটনাত ২৪ জন মৃত্যু”“ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা কেতিয়া আৰু কিয়”
Share4Tweet3Send

Related Posts

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

by ASSAM TIMES POST
November 13, 2026
50
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
Assam

Kaziranga accident I কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু

by News Desk
November 13, 2026
50
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Road accident I ঢকুৱাখনাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাত নিহত ২ যুৱক, আহত ৩

by News Desk
November 12, 2026
50
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
Assam

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা

by News Desk
November 12, 2026
54
Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers
Assam

Assam I Dhing Police Crack Down on Drug Peddler, Seize 10 Containers

by News Desk
November 12, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

by News Desk
November 11, 2026
53
ADVERTISEMENT
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

November 13, 2026
50
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

November 13, 2026
50
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
BREAKING NEWS

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

November 13, 2026
50
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

November 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

November 13, 2026
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

Kaziranga accident : কাজিৰঙাত ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

November 13, 2026
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision

November 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d