
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা।
এইবাৰ খোদ ফাঁচীবজাৰৰ মাজমজিয়াত পদপথৰ এজন অসমীয়া যুৱ ব্যৱসায়ীক দোকানৰ ভিতৰত আবদ্ধ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে চুৰিকাঘাত কৰাৰ অভিযোগ উঠিছে বহিৰাগত ব্যৱসায়ীৰ বিৰুদ্ধে। মহানগৰীৰ ব্যৱসায়িক কেন্দ্ৰস্থল ফাঁচীবজাৰত দিল্লীৰ পৰা অহা অনা-অসমীয়া ব্যৱসায়ীৰ চূড়ান্ত দাদাগিৰি। ফাঁচীবজাৰস্থিত ‘Bombay Beauty Bazar’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

জানিব পৰা মতে, পদপথত ব্যৱসায় কৰা এজন থলুৱা যুৱকক দোকানখনৰ ভিতৰলৈ বলপূৰ্বকভাৱে টানি নি বহিৰাগত মালিকসহ পাঁচজনীয়া এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফাঁচীবজাৰ অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে পাণবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে আক্ৰমণকাৰী দোষীক কৰায়ত্ত কৰাৰ লগতে গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।










