
জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ (JK terrorist attack) দিনা কিষ্টৱাৰত নিৰুদ্দেশ হয় দুই আৰক্ষী বিষয়া। বুধবাৰে বিয়লি কিস্তষ্টৰৰ ডেহৰানা বনাঞ্চলত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। তেতিয়াৰে পৰা বিশেষ আৰক্ষী বিষয়া বা এছপিঅ’ দুজনক বিচাৰি পোৱা হোৱা নাই। সেই সময়ত তেওঁলোক হাবিখনৰ মাজেৰে পাৰ হৈ গৈ আছিল। তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক অনুসন্ধান অভিযান।

সূত্ৰ অনুসৰি, ইন্দৰৱালৰ বাছনান অঞ্চলত থকা ১৭ ৰাষ্ট্ৰীয় ৰাইফলছৰ অস্থায়ী ঘাটিলৈ উভতি আহিছিল বিষয়া দুজন। অঞ্চলটো মাৰৱা থানাৰ অন্তৰ্গত। সেই সময়ত অঞ্চলটোৰ মোবাইল নেটৱৰ্কতো সমস্যাৰ সৃষ্টি হোৱাৰ খবৰ আহিছিল। সন্ধিয়া এছপিঅ’ৰ বিশেষ দলে বিষয়া দুজনক বিচাৰি অভিযান আৰম্ভ কৰে। অৱশ্যে নিশালৈকে কোনো লোকক পোৱা নগ’ল। বনাঞ্চলত কোনে গুলীচালনা কৰিছিল, সেই বিষয়াসকলে অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল নে নাই, ঘটনা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাৰ তদন্ত চলি আছে।
বুধবাৰে কুলগামত চিআৰপিএফ চেক পইণ্টত দুই সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁলোক মটৰবাইকত আহিছিল। দুয়োজনে কৰ্তব্যৰত জোৱানক গুলীচালনা কৰি পলায়ন কৰে। এতিয়াও ধৰা পৰা নাই তেওঁলোক। এই ঘটনাত আহত হয় তিনিজন জোৱান। তাৰে এজন অসমৰ। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোক। অৱশ্যে চিআৰপিএফৰ প্ৰত্যুত্তৰত কোনো সন্ত্ৰাসবাদী আহত হৈছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাৰ পিছৰে পৰা অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।










