
কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত (Kaziranga Accident) মৃত্যুৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা ২০ জন আহতৰ ভিতৰত আন তিনিজনৰ মৃত্যু হৈছে। আনহাতে, ৭ জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি হাস্পতাল কৰ্তৃপক্ষই জনাইছে। ইফালে শনিবাৰে পুৱাতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, বিশ্বজিৎ দৈমাৰী, চৰণ বড়োসহ কেইবাগৰাকী মন্ত্ৰী আৰু প্ৰশাসনৰ বিষয়াসকলে। মুখ্যমন্ত্ৰী তথা তেওঁৰ লগত যোৱা দলটোৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
আনহাতে, দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ঘটনা অতি মৰ্মান্তিক। আনহাতে, ক্ষতিপূৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই মৃত্যুক টকাৰে জুখিব পৰা নাযায়। লগতে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াল তথা নিকট আত্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে।
ইয়াৰ উপৰি ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰাও ২ লাখকৈ প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও ২ লাখকৈ টকা এককালীন সাহায্য ঘোষণা কৰা হৈছিল। আনহাতে, আহতসকলৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত কয় যে আহত ১০ জনৰ অৱস্থা সুস্থিৰ যদিও ৬ জন আইচিইউত ভৰ্তি হৈ আছে।
ইফালে দুৰ্ঘটনাত নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত তেওঁলোকক ঘৰলৈ নিয়াৰ সময়ত মন্ত্ৰীসকলো যাব। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত মুখ্যমন্ত্ৰীও নিহতসকলৰ ঘৰলৈ যাব বুলি উল্লেখ কৰে। উল্লেখ্য যে দুৰ্ঘটনাটোৰ পিছত ২০ গৰাকী আহত জেএমচিএইচত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ ভিতৰত ১২ গৰাকীৰ পৰিচয় জানিব পৰা গৈছে বুলি জেএমচিএইচ কৰ্তৃপক্ষই জনাইছে।
তেওঁলোক হৈছে কাজিৰঙাৰ হাফিজা খাতুন, সৰু অভয়াপুৰীয়া, ডিব্ৰুগড়ৰ ৰঞ্জিত সোণম, আমনিৰ ৰাহুল কালিন্দী, কুঠৰীৰ জীৱন গোৱালা, আমনিৰ অঞ্জলি গড়, কঁহৰাৰ দীপেন শইকীয়া আৰু বিউতি দত্ত, শিৱসাগৰৰ মুস্তাকিন হুছেইন, ৰঙামাটিৰ শিৱ প্ৰসাদ, বঢ়মপুৰৰ সান্ত্বনা হাজৰা, মেঠনিৰ সবিতা সোণাৰ।
অত্যধিক গতিবেগ আৰু নিয়ম উলংঘাৰ বাবেই এই দুৰ্ঘটনা
কাজিৰঙাৰ কঁহৰাৰ ৰঙাজানত ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বৃহৎ দুৰ্ঘটনাৰ কাৰণক লৈ বিতৰ্ক চলিছে। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, অত্যধিক গতিৰ বাবে চালকজনে ট্ৰেভেলাৰখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিল।
আৰু সেইবাবেই হয়তো দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত জাৰি কৰা নিষেধাজ্ঞাক আওকাণ কৰি চালকজনে গাড়ীৰ গতি বৃদ্ধি কৰা বুলিও অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰী দলৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, কাজিৰঙাৰ সমীপত জাৰি কৰা নিষেধাজ্ঞাক আওকাণ কৰি গাড়ীখন অধিক বেগেৰে চলিছিল। বিষয়াগৰাকীৰ মতে, “আমি ভাবোঁ যে তীব্ৰ গতিৰ বাবে চালকে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। আৰু ফলত ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।”
আৰক্ষীৰ সূত্ৰ অনুসৰি, বোকাখাতৰ পৰা নগাঁও অভিমুখে গৈ আছিল ট্ৰেভেলাৰখন। কাজিৰঙাৰ সমীপৰ ৰঙাজানত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে বহু লোকৰ থিতাতে মৃত্যু হয়।
উদ্ধাৰ কৰি চিকিৎসালয়লৈ যোৱাৰ পথত আৰু কেইবাজনো লোকৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল।
প্ৰথম অৱস্থাত ২৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আৰু তিনিজনৰ মৃত্যু হয়। সংকটজনক অৱস্থাত আৰু বহুকেইজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সেয়েহে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
নিহতসকলৰ অধিকাংশই ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে ট্ৰেভেলাৰখনৰ পূৰ্বেও নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১২ বাৰ যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে ৩৮,৫০০ টকা জৰিমনা ভৰিবলগা হৈছিল। আন এটা গোচৰত এতিয়াও ৪ হাজাৰ টকাৰ জৰিমনা বিচাৰাধীন হৈ আছে।










