
বৰ্তমান ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই আছে কাৰ্বি পাহাৰৰ এগৰাকী ৰাজনীতিকৰ যৌন কেলেংকাৰীৰ বিষয়ে। বিজেপি নেতা তথা বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন কেলেংকাৰীৰ অভিযোগ।

কাৰ্বিভূমিৰ এগৰাকী জনজাতীয় মহিলাই হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। যাৰ বাবে কাৰ্বি আংলঙৰ লগতে ৰাজ্যৰ ৰাজনীতিতো তীব্ৰ চৰ্চা চলি আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিধায়কগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনেই নহয়, তেওঁলোকৰ এটি সন্তান থকা বুলিও দাবী কৰিছে।
কিন্তু হাব্বে টেৰণে মহিলাগৰাকীক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ লগতে তেওঁক স্বীকৃতি প্ৰদান নকৰা আৰু ভৰণ-পোষণৰ দায়িত্বৰ পৰা আঁতৰি থকা বুলি ডিফুত এক সংবাদমেলযোগে দাবী কৰিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত এটা বিষয়টো কাৰ্বি পৰম্পৰাগত আদালত অৰ্থাৎ ৰজাৰ দৰবাৰত বিচাৰৰ বাবে উত্থাপন হৈছে।
এতিয়া কাৰ্বি ৰজাৰ পৰম্পৰাগত নিয়ম অনুসৰি শনিবাৰে হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ অনুষ্ঠিত হ’ব। অহা ২৮ তাৰিখে ডাঃ হাব্বে টেৰণ আৰু অভিযোগকাৰী মহিলাগৰাকীক পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামৰ হেমতুনত কাৰ্বি পৰম্পৰাৰ ব্যৱস্থা অনুসৰি বিচাৰৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷
কাৰ্বি ৰজা, বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বিচাৰ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ দুয়োকে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হৈছে। হাব্বে টেৰণৰ আমৰিস্থিত ঘৰত গৈ বুধবাৰে এই পত্ৰ অৰ্পণ কৰা হয়। এতিয়া শনিবাৰে বিচাৰ প্ৰক্ৰিয়াত কি ফলাফল ওলায় তাক লৈ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে৷













