
ডিফু, ৭ নৱেম্বৰঃ গুৱাহাটী স্প’ৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত, অসমৰ বিভিন্ন জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত যোৱা ২৯ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ৰ প্ৰতিযোগিতা অসমৰ ২১খন জিলাত একেলগে অনুষ্ঠিত হৈ আহিছে। ইয়াৰ অংশ হিচাপে আজি কাৰ্বি আংলং জিলাৰ জিলা পৰ্যায়ৰ ফাইনেল খেলখন অনুষ্ঠিত হয়।

কাৰ্বি আংলং ক্ৰীড়া সন্থা (কাছা)ৰ খেলপথাৰত অনুষ্ঠিত জিলা পৰ্যায়ৰ বাছনি প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিয়ে ৬-২ গ’লৰ ব্যৱধানত কাছা এফ চিক পৰাস্ত কৰি জিলা চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ইয়াৰ লগে লগে দলটোৱে জ’নেল ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰে।
ফ্লাডলাইটৰ পোহৰত অনুষ্ঠিত খেলখনৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে বিজয়ী আৰু ৰানাৰ্ছ আপ দলৰ হাতত ট্ৰফী তুলি দিয়ে। বঁটা বিতৰণী অনুষ্ঠানত স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ বিষয়া ৰাজেশ্বন তেৰাং আৰু কাছাৰ সাধাৰণ সম্পাদক ড° পংকজ টেৰণ উপস্থিত থাকে।
বিজয়ী আৰু বিজিত দলৰ হাতত ক্ৰমে চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ ট্ৰফী তুলি দি কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে সাংবাদিকৰ আগত কয় যে কাৰ্বি আংলং জিলাত আৰম্ভণিৰে পৰাই ক্ৰীড়া সংস্কৃতিৰ এক সুন্দৰ পৰিৱেশ বিৰাজ কৰি আহিছে।
খেলুৱৈসকলৰ লগতে অভিভাৱকসকলেও জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনক উৎসাহিত কৰি আহিছে। মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলাখনৰ ক্ৰীড়া সংস্কৃতিৰ ক্ৰমাগত উন্নতি সাধন হৈছে আৰু বৰ্তমান ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত জিলাখনে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বৰাক জ’নৰ অন্তৰ্ভুক্ত কাৰ্বি আংলং জিলাৰ আঠটা দলে এ আৰু বি গ্ৰুপত অংশগ্ৰহণ কৰিছিল। ডিফুত জ’নেল পৰ্যায়ৰ খেলো অনুষ্ঠিত হ’ব। উক্ত খেলত কাৰ্বি আংলং, হাইলাকান্দি আৰু শিলচৰৰ বিজয়ী দলসমূহে পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হোৱাৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবু।
খেলপথাৰত উপস্থিত থাকি ফুটবল খেলুৱৈসকলক উৎসাহিত কৰা ক্ৰীড়াপ্ৰেমীসকলৰ প্ৰতিও পংকজ টেৰণে কৃতজ্ঞতা জ্ঞাপন কৰে।












