
কাৰ্বি আংলং (Karbi Anglong) জিলাতো আজি মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া সম্প্ৰচাৰৰ মাধ্যমেৰে অৰুণোদয় 3.0 (Arunodoy 3.0) অধীনৰ 2026-27 বিত্তীয় বৰ্ষৰ, প্ৰথম সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ হয়।
এই উপলক্ষে হাওৰাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় নমাটি সমষ্টিত স্থানীয় পাৰিষদ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰীটেশ ইংহি আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সংশ্লিষ্ঠ সমষ্টিৰ 3400 গৰাকী আইমাতৃৰ আথাৰ লিংগ বেংক একাউন্টত অৰুণোদয় আঁচনিৰ ধনৰাশিৰ দিয়াৰ প্ৰক্ৰিয়া সুভাৰম্ভ কৰে ।

আনফালে বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সৰুপথাৰ সমষ্টিত সমষ্টিটোৰ পাৰিষদ তথা কাৰ্য্যবাহী সদস্য কাদম তেৰাংপী আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰৰ অনুষ্ঠানত উপস্থিত থাকে। নিজৰ ভাষণত কাৰ্য্যবাহী সদস্য তেৰাংপীয়ে প্ৰথম অৱস্থাত 830 টকাৰে আৰম্ভ হোৱাৰ জনপ্ৰিয় অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৰ্তমান 2500 টকালৈ বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰে।













