
কাৰ্বি আংলং (Karbi Anglong) জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত (Initiative of the Agricultural Science Center) আজি আমলখিস্হিত কেন্দ্ৰটোৰ প্ৰশিক্ষণ ভৱনত ৰপ্তানিমুখী (Export-oriented) আদা উৎপাদন (Ginger production) আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ (bahgaaj processing) শীৰ্ষক এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী (One-day training program) আয়োজন কৰা হয়।
অসম ৰাজ্যিক সমবায় ফেডাৰেচনৰ পৃষ্ঠপোষকতাত আৰু National Cooperative Export Limited ( NCEL) আৰু কাৰ্বি আংলং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এদিনীয়া প্ৰশিক্ষণত কৃষক, উদ্যোগী আৰু সমবায়ৰ সদস্যসকলৰ মাজত ৰপ্তানিমুখী আদা উৎপাদন, মুল্য সংযোজন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ে সজাগতা সৃষ্টি কৰি আয় আৰু বজাৰৰ সুযোগ বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মুল বিয়ষ হিচাপে গুৰুত্ব আৰোপ কৰা হয়।

অনুষ্ঠানত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষকসকলক ৰপ্তানিমুখী কৃষিৰ জৰিয়তে জীৱিকা উন্নত কৰাৰ বাবে আধুনিক উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তি সকল হল- আয়ুষী নায়ক, ৰিচা শৰ্মা , ব্যৱসায় প্ৰবন্ধক, অংকিতা সেন, হিমাংশু শেখৰ, কংকন শৰ্মা, সুৰেশ ইংতি, লায়নেল তেৰন আৰু হুনমিলী তেৰাংপী। তেওঁলোকে উৎপাদন, শস্যৰ চপোৱাৰ পাছৰ ব্যৱস্থাপনা, গুণগত মান, আদা ভিত্তিত সামগ্ৰী প্ৰস্তুতি, আচাৰ বনোৱা আৰু অত্যাৱশ্যকীয় নথিপত্ৰ সম্পৰ্কে প্ৰশিক্ষণৰ অংশ গ্ৰহণকাৰীক অবগত কৰে। কাৰ্য্যসূচীৰ শেষত অংশগ্ৰহণকাৰীসকলৰ মাজত একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’য়।













