
অসমৰ পাহাৰীয়া জিলা ডিমা হাছাও (Dima Hasao)ত ডিমাচা ভাষাক (Dimasa language) চৰকাৰী ভাষাৰূপে স্বীকৃতি (Recognition as an official language) প্ৰদান। ইয়াৰ ফলত জিলাখনত এতিয়াৰে পৰা চৰকাৰী কাম-কাজত ইংৰাজী ভাষাৰ সমান্তৰালভাৱে ডিমাচা ভাষাও ব্যৱহাৰ কৰিব পাৰিব। এই সিদ্ধান্তই ডিমাচা ভাষাৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

ইয়াৰ উপৰি ডিমাচা জনগোষ্ঠীৰ সমৃদ্ধ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ়তাপূৰ্ণ স্থিতিকো প্ৰতিফলিত কৰিছে। এই সন্দৰ্ভত চৰকাৰে উল্লেখ কৰে যে এই স্বীকৃতিৰ ফলত প্ৰশাসনিক ক্ষেত্ৰত ডিমাচা ভাষাৰ ব্যৱহাৰ অধিক সুদৃঢ় হ’ব। ইয়াৰ লগতে ভৱিষ্যত প্ৰজন্মৰ মাজত এই ভাষাটোৰ সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰে এক নতুন গতি লাভ কৰিব৷









