
বিজয়দশমীৰ দিনা এগৰাকী কিশোৰী অকলে ঘৰত আছিল। তেওঁৰ ওচৰ-পাজৰৰ মানুহবোৰো গাঁৱৰ মেলা চাবলৈ গৈছিল। আনহাতে, পিতৃ-মাতৃ পথাৰত কাম কৰিবলৈ গৈছিল। সেই সুযোগতে সাতজন লোক ঘৰত প্ৰৱেশ কৰে। অভিযোগ অনুসৰি, তেওঁলোকে কিশোৰীগৰাকীৰ মুখত হেঁচি ধৰি জোৰকৈ উঠাই লৈ যায়। সাতজন লোকৰ ভিতৰত তিনিজন নাবালক। তেলেংগানাত সংঘটিত হৈছে এই ঘটনা।
অভিযুক্তই কিশোৰীগৰাকীক ওচৰৰ গাঁৱলৈ লৈ যায়। ইয়াৰ পিছতে ৭জন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘৰলৈ উভতি আহি কন্যাক দেখা নোপোৱাত পিতৃ-মাতৃ চিন্তিত হৈ পৰি গাঁওবাসীৰ ওচৰত সোধা-পোছা কৰে। কিন্তু কোনেও তেওঁক দেখা পোৱা নাছিল।

গোটেই নিশা কিশোৰীগৰাকীক বিচাৰি ফুৰাৰ পিছত পিছদিনা পুৱা নিজ গাঁৱৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হয়। অভিযুক্তই তেওঁক পৰিত্যক্ত অৱস্থাত পেলাই থৈ পলায়ন কৰিছিল। ঘৰলৈ উভতি অহাৰ পিছত কিশোৰীগৰাকীয়ে পিতৃ-মাতৃক সমগ্ৰ ঘটনা বিৱৰি কয়।
ইয়াৰ পিছত তেওঁলোকে কন্যা সন্তানৰ সৈতে আৰক্ষীৰ কাষ চাপে। অভিযুক্তৰ বিৰুদ্ধে পছকো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ৭ অভিযুক্তৰ সন্ধান আৰম্ভ কৰে। শুকুৰবাৰে আৰক্ষীয়ে ৭ অভিযুক্তক নিজৰ জিম্মাত লয়। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত তিনিজন নাবালক আছে।













