
বিহাৰৰ ছিৱানত এটা ঘৰত জুই লাগি বিস্ফোৰণ ঘটে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰটোত ফটকা বনোৱা হৈছিল। শুকুৰবাৰৰ এই ঘটনাত ৪ জন লোকে প্ৰাণ হেৰুৱায়। বিস্ফোৰণৰ পিছত আৰু তিনিজন লোক সন্ধানহীন হৈ আছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মহম্মদ আমিৰুদ্দিন মিঞাৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। তাত ফটকা ৰখা হৈছিল। সূত্ৰ অনুসৰি, আমিৰুদ্দিনৰ ফটকা ব্যৱসায় আছে। এই ফটকাত জুই লাগি দুৰ্যোগৰ সৃষ্টি হয়। এটাৰ পিছত এটাকৈ বিস্ফোৰণৰ শব্দ শুনা যায়। প্ৰায় দুঘণ্টা ধৰি ফটকাৰ শব্দ শুনা গৈছিল বুলি স্থানীয় ৰাইজে দাবী কৰিছে। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ঘৰৰ সন্মুখভাগ ভাঙি পৰে।

ছিৱানৰ আৰক্ষী অধীক্ষক ভাৰত ছোনীয়ে জনোৱা মতে, এই বিস্ফোৰণত চাৰিজন লোকৰ মৃত্যু হয়। গাঁও পঞ্চায়তৰ মুৰব্বীজনে জনোৱা মতে, সেই সময়ত আৰু তিনিজন লোক ঘৰত আছিল। তালাচী চলোৱা হৈছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, তিনিওজন আমিৰুদ্দিনৰ পৰিয়ালৰ সদস্য। ইফালে ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ঘৰটোত অবৈধভাৱে আতচবাজিৰ ব্যৱসায় চলি আছিল নেকি সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।












