
বৰ্তমান দেশৰ কোনো জিলাতে মাওবাদীৰ ভাবুকি নাই। অৱশ্যে এখন জিলা এতিয়াও ‘উদ্বেগজনক’ হৈয়েই আছে। বুধবাৰে সংসদত এই কথা উল্লেখ কৰে কেন্দ্ৰই। চৰকাৰৰ মতে আৰু কিছু সময়ৰ বাবে নিৰীক্ষণ অব্যাহত ৰখাটো প্ৰয়োজনীয় যাতে মাওবাদীৰ পুনৰ উত্থান নহয়। অৱশ্যে কোনখন জিলাক ‘উদ্বেগজনক’ হিচাপে চিনাক্ত কৰা হৈছে সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰা হোৱা নাই।

উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মাওবাদী শীৰ্ষ নেতা মিছিৰ বেছৰাক। তেওঁৰ মূৰৰ দাম আছিল এক কোটি টকা। পিছদিনা কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত লিখিত উত্তৰত দেশ ‘মাওবাদীমুক্ত’ হোৱা বুলি অৱগত কৰে। কেন্দ্ৰই ৩১ মাৰ্চৰ ভিতৰত দেশখনক মাওবাদীমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।
তাৰ পূৰ্বে ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত মাওবাদীয়ে দল-সংগঠনসহ আত্মসমৰ্পণ কৰা দেখা গৈছিল। অৱশ্যে বিগত বৰ্ষৰ মে’ মাহত ছত্তীশগড়ত সংঘটিত আই ই ডি বিস্ফোৰণত সেনাই প্ৰাণ হেৰুৱাইছিল। উক্ত মাহতে কলকাতাৰ পৰা ঝাৰখণ্ডৰ জ্যেষ্ঠ মাওবাদী নেতা শ্ৰদ্ধা বিশ্বাস ওৰফে বেলাক গ্ৰেপ্তাৰ কৰা হৈছিল।
এই পৰিস্থিতিত কেন্দ্ৰই মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে দেশৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। নিত্যানন্দই কয় যে বৰ্তমান দেশৰ কোনো জিলাই মাওবাদী প্ৰভাৱিত হোৱা নাই। পৰিসংখ্যাৰ উদ্ধৃতি দি তেওঁ কয় যে ২০১৮ চনৰ এপ্ৰিল মাহত মাওবাদী প্ৰভাৱিত জিলাৰ সংখ্যা ১২৬ খনৰ পৰা ৯০ খনলৈ হ্ৰাস পাইছে।
তাৰ পিছত ২০২১ চনৰ জুলাই মাহত ৭০ লৈ নামি আহিছিল। ২০২৪ চনৰ এপ্ৰিল মাহত এনে জিলাৰ সংখ্যা ৩৮ খন হৈছে। পিছলৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত এই সংখ্যা আঠলৈ হ্ৰাস পাইছে। চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত মাওবাদী প্ৰভাৱিত জিলাৰ সংখ্যা ‘শূন্য’ হৈ পৰে।
এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়েও কয় যে বৰ্তমান ৩৭ খন জিলাক ‘লেগেচি এণ্ড থ্ৰাষ্ট’ হিচাপে চিনাক্ত কৰা হৈছে। কেন্দ্ৰৰ তথ্য অনুসৰি, এই জিলাসমূহৰ কোনো এখন জিলা বৰ্তমান মাওবাদী প্ৰভাৱিত হোৱা নাই। কিন্তু সৃষ্টি হোৱা সুস্থিৰ পৰিস্থিতি বজাই ৰাখিবলৈ নিৰাপত্তাৰ ব্যৱস্থা আৰু উন্নয়নমূলক কাম-কাজ অব্যাহত ৰাখিব লাগিব।
তদুপৰি, এখন জিলাক ‘উদ্বেগজন’ বুলি চিনাক্ত কৰা হৈছে। তাত মাওবাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণলৈ অনা হৈছে। তেওঁলোকৰ সাংগঠনিক গাঁথনিও ভাঙি পেলোৱা হৈছে। কিন্তু কেন্দ্রই অনুভৱ কৰে যে পৰিস্থিতি যাতে পূৰ্বৰ অৱস্থালৈ ঘূৰি নাহে তাৰ বাবে নিৰীক্ষণ অব্যাহত ৰখাটো প্ৰয়োজনীয়।












