
মণিপুৰৰ সেনাপতি জিলা (Manipur’s Senapati district)ত কুকি আৰু নগাৰ মাজত সংঘৰ্ষ (Conflict between Kuki and Naga)ত আহত হয় এজন চিআৰপিএফ জোৱান। জানিব পৰা মতে, সোমবাৰে পুৱা সংঘৰ্ষত দুয়োপক্ষই কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে। প্ৰশাসনে জিলাখনৰ পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই।
জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা অচিনাক্ত দুষ্কৃতিকাৰীয়ে দুটা ঘৰত অগ্নিসংযোগ কৰে। তাৰে এটা ঘৰ নগা সম্প্ৰদায়ৰ ব্যক্তিৰ আছিল। আনটো ঘৰ কুকি সম্প্ৰদায়ৰ ব্যক্তিৰ আছিল। এই ঘটনাৰ পিছতে পুৱা প্ৰায় ১০ বজাত নগা আৰু কুকিৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত বন্দুকৰ সংঘৰ্ষ হয়। গুলীয়াগুলীত আহত হয় চিআৰপিএফৰ ৩৬নং বেটেলিয়নৰ উপ-পৰিদৰ্শক (জেনেৰেল ডিউটি) প্ৰদীপ সিং।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাপতি জিলাত অতিৰিক্ত বাহিনী মোতায়েন কৰা হয়। অশান্তিৰ আশংকাত বহু স্থানীয় লোকে অঞ্চলটো এৰি থৈ যায়। নগা প্ৰধান গাঁওখনত কুকিৰ এটা সশস্ত্ৰ দলে প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। অৱশ্যে এই দাবীৰ সত্যতা পৰীক্ষা কৰিব পৰা নগ’ল। ঘৰ-দুৱাৰ আক্ৰমণক পুনৰ তীব্ৰ গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে কুকি সংগঠনে। অশান্তিৰ পিছত স্থানীয় লোকৰ এটা অংশই ২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এই পথটোৱে নাগালেণ্ডৰ ডিমাপুৰক মণিপুৰৰ ৰাজধানী ইম্ফলৰ সৈতে সংযোগ কৰে।
উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এই সংঘাতত এতিয়ালৈকে প্ৰায় ৩০০ লোকে প্ৰাণ হেৰুৱাইছে। যদিও বৰ্তমান পৰিস্থিতি সাধাৰণতে স্বাভাৱিক, তথাপিও বিভিন্ন সম্প্ৰদায়ৰ মাজত বিক্ষিপ্ত সংঘৰ্ষ চলি আছে। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা এন বীৰেণ সিঙে সোমবাৰে দিল্লীলৈ গৈ পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ কথা। মণিপুৰত লোকপিয়লৰ পূৰ্বে এনআৰচিৰ দাবী উত্থাপন হৈছে। এই বিষয়ত বিক্ষিপ্ত অশান্তিৰ খবৰ আহিছে। বিজেপি নেতৃত্বই এই বিষয়তো তেওঁৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে।













