
চীনৰ চাংহাইত ভাৰতৰ বৃহৎ সফলতা। শেহতীয়াকৈ চাংহাইত অনুষ্ঠিত ৬৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত (Maths Olympiad) ভাৰতীয় দলটোৱে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিশ্বৰ ১১৭খন দেশৰ পৰা ৬৬৬ গৰাকী প্ৰতিযোগীয়ে গণিত অলিম্পিয়াডত অংশগ্ৰহণ কৰে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে তাত সফলতা অৰ্জন কৰে।

জানিব পৰা মতে, এইবাৰ ছাংহাইত ৬৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডৰ আয়োজন কৰা হৈছে। এই অলিম্পিয়াডত ভাৰতে দুটা স্বৰ্ণ পদক আৰু চাৰিটা ৰূপৰ পদক লাভ কৰিছে। সামগ্ৰিকভাৱে এটা দলৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে সপ্তম স্থান দখল কৰিছে। ইয়াৰ লগে লগে ভাৰতীয় গণিত বিজ্ঞানৰ ছাত্ৰ দলটোৱে একেৰাহে চাৰি বছৰ ধৰি বিশ্বৰ শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে।
এই প্ৰতিযোগিতাত দেশৰ হৈ দিল্লীৰ আৰব গুপ্তা আৰু কৰ্ণাটকৰ এবেল জৰ্জ মেথিউৱে স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ উপৰি কৰ্ণাটকৰ ভৈৰৱ মুৰুগন, দিল্লীৰ কনভ তালৱাৰ, কেৰালাৰ সঞ্জনা ফিলফ চাকো আৰু মুম্বাইৰ শ্ৰেয়া শান্তনু মুণ্ডাদাই ৰূপৰ পদক লাভ কৰে। বিশ্বৰ এই অন্যতম কঠিন প্ৰতিযোগিতাত দলটোৰ অধিনায়কত্বত আছিল অনন্ত মুডগাল আৰু সহ-অধিনায়ক হিচাপে আছিল হোমি ভাভা চেণ্টাৰ ফৰ ছায়েন্স এডুকেচনৰ ময়ূখ ঘোষ।
গণিতৰ বাহিৰেও অন্যান্য বিজ্ঞান অলিম্পিয়াডত ভাৰতৰ জয় এই বছৰো অব্যাহত আছিল। এইবাৰ তাছখাণ্ডত অনুষ্ঠিত ৫৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান অলিম্পিয়াডত ভাৰতে ৪টা স্বৰ্ণ পদক, ৩৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান অলিম্পিয়াডত ১টা স্বৰ্ণ পদক আৰু কলম্বিয়াত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত ৫ গৰাকী ভাৰতীয় ছাত্ৰই স্বৰ্ণ পদক লাভ কৰে।











