
অসমৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহত হৈ থকা প্ৰবল আৰু ধাৰাসাৰ বৃষ্টিপাতৰ বাবে উজনি অসমত সৃষ্টি হৈছে জলপ্ৰলয়। আনহাতে, পূৰ্বতে নোহোৱা বান পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা ১৮ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত উজনি অসমৰ জিলাকেইখনত স্বাভাৱিকতকৈ ১৮১ শতাংশৰো অধিক বৃষ্টিপাত হৈছে। আনহাতে, সামগ্ৰিকভাৱে সমগ্ৰ অসমতে ৩৩ শতাংশৰো অধিক বৃষ্টিপাত হয়। চৰাইদেউ জিলাত স্বাভাৱিকতকৈ সৰ্বাধিক ৪৩৬% আৰু শিৱসাগৰত ১৩৪% অধিক বৰষুণ হোৱা বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে উজনি অসমৰ শেহতীয়া বান পৰিস্থিতি অধ্যয়নৰ বাবে বুধবাৰে বান বিধ্বস্ত তিনিখন জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতেও মত বিনিময় কৰে। আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনামৰ্মে অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত বান পৰিস্থিতিৰ লগতে ক্ষতিগ্ৰস্ত জিলাসমূহত অব্যাহত থকা উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ কাৰ্যৰ পৰ্যালোচনা কৰে।
উক্ত বৈঠকত সাহায্য অভিযান, অত্যাৱশ্যকীয় সেৱা আৰু বানত আবদ্ধ অঞ্চলসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিবলৈ নাও, ড্ৰ’ন, ভাৰতীয় বায়ুসেনাৰ এয়াৰড্ৰপ আৰু ৰে’লৱে ট্ৰলীকে ধৰি প্ৰধান ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়।লগতে প্ৰতিটো বিভাগকে নিজ নিজ দায়িত্বত উপস্থিত থাকি প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে সাহায্য নিশ্চিত কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হয়।













