
নগৰবেৰাৰ টুপামাৰীত চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ২ নং টুপামাৰী (চক বজাৰ) গাঁৱৰ আব্দুল কাদেৰ জিলানি, শ্বাজিদুল হক আৰু আব্দুৰ ৰহিম।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযানৰ সময়ত ধৃত তিনিওজনৰ পৰা বিভিন্ন বেংক একাউণ্টৰ নথি-পত্ৰ, এটিএম কাৰ্ড, নগদ ধন আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰা হৈছে।

জব্দ কৰা সামগ্ৰীৰ ভিত্তিত অভিযুক্তকেইজনৰ বেংক লেনদেন আৰু সম্ভাব্য চাইবাৰ অপৰাধৰ যোগাযোগৰ বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে তেওঁলোক কোন ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত আৰু কিমান টকাৰ লেনদেন হৈছিল, সেই তথ্য এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।













