
কংগ্ৰেছৰ নৱ নিৰ্বাচিত তত্বাৱধায়ক ভূপেশ বাঘেলৰ নেতৃত্বত মাৰাঠান বৈঠক কংগ্ৰেছৰ। ১০ বজাৰ পৰা হবলগা বৈঠকৰ বাবে ৰাজীৱ ভৱনত উপস্থিত হৈছে কংগ্ৰেছ নেতৃত্ব।
ৰাজনৈতিক পৰিক্ৰমা সমিতি,সাংসদ বিধায়ক ,কংগ্ৰেছৰ আন বিষয়ববীয়াসকলৰ সৈতেও বৈঠকত বহিব ভূপেশ ৱাঘেল। নৱ নিৰ্বাচিত তত্বাৱধায়ক ভূপেশ ৱাঘেলক লৈ আশাবাদী কংগ্ৰেছ নেতৃত্বত।

ভূপেশ ৱাঘেলৰ নেতৃত্বত কংগ্ৰেছৰ দল শক্তিশালী হব বুলি মন্তব্য ৰিপুন বৰা,দেৱব্ৰত শইকীয়া, জাকিৰ হুছেইন শিকদাৰৰ।
প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত তত্বাৱধায়ক ভূপেশ ৱাঘেলক আদৰিবলৈ বিশেষ আয়োজন কংগ্ৰেছৰ। ৰেড কাৰ্পেট পাৰি আদৰিবলৈ সাজু কংগ্ৰেছ। ভূপেশ ৱাঘেলে চত্তিশগড় উদ্ধাৰ কৰাৰ পিছত অসম উদ্ধাৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতৃত্বৰ।













