২৬ এপ্ৰিলত লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান অন্ত পৰাৰ পিছত শণিবাৰে ডিফুত (Diphu) আঞ্চলিক ৰাজনৈতিক দল (Regional Political Party) এএছডিচি (ASDC)য়ে এক সংবাদমেলৰ (Press Meet) আয়োজন কৰি ভোটাৰসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন (Heartfelt thanks to the voters) কৰে এএছডিচিচিয়ে ৷ এএছডিচিৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব ডেনিয়েল টেৰণে সংবাদমেল সম্বোধন কৰি কয়যে, টকা-পইছাৰ অভাৱ থকাৰ পিছতো ৬ নং ডিফু জনজাতি লোকসভা সমষ্টিৰ এএছডিচিৰ প্ৰাৰ্থী জৎছন বে’ক সমৰ্থন কৰি সমৰ্থক-কৰ্মীসকলে ভোটদান কৰাৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা নাই ৷
মতদানৰ পৰিসংখ্যাৰ হিছাপ পোৱা নাই যদিও বিজেপিৰ লগত এএছডিচিৰ প্ৰাৰ্থীৰে প্ৰতিদ্বন্দিতা হব বুলি কয় ৷ বিজেপিৰ বিৰোধী শক্তি বিলাকক কংগ্ৰেছ আৰু এপিএইছএলচি দলে বিভাজন কৰি বিজেপিক পৰোক্ষ ভাৱে নিৰ্বাচনত সহয় কৰিছে বুলি অভিযোগ কৰে৷ বিজেপি জয়ী হ’লেও এএছডিচি দল দ্বিতীয় দ্বিতীয় স্থানত থাকিব বুলি দাবী কৰে টেৰণে ৷ আনহাতে এএছডিচিয়ে স্বায়ত্তৰাজ্যৰ আন্দোলন অব্যাহত ৰাখিব বুলি কয় ডেনিয়েল টেৰণে৷