
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নামত উদ্বোধন হ’ল দলং। নাম হৈছে ‘নীতিশ সেতু’(Nitish Setu)। এইখন হৈছে দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ দলং। ইয়াৰ পূৰ্বে দেশৰ আটাইতকৈ দীঘল দলংখন আছিল ধলা-শদিয়াৰ ভূপেন হাজৰিকা সেতু।

এই দলংখনৰ দৈৰ্ঘ্য আছিল ৯.১৫ কিলোমিটাৰ। নীতিশ সেতু শনিবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৯.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নীতিশ সেতুৱে পাটনা জিলাৰ কচ্চি দৰগাহক বৈশালীৰ বিডুপুৰ ব্লকৰ সৈতে সংযোগ হৈছে। গংগাৰ ওপৰত নিৰ্মিত এই দলঙৰ কাম বিগত ১৪ বছৰ ধৰি চলি আছিল। শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ফ্লেগ-অফ কৰি দলংখন উদ্বোধন কৰে।
বিগত বৰ্ষৰ ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএ জয়ী হোৱাৰ পিছত পতাকা উৰুৱাই বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰিছিল মোদীয়ে। প্ৰায় এবছৰৰ পাছত দলং উদ্বোধনী অনুষ্ঠানত মোদীয়ে পতাকা উৰুৱাই সেই স্মৃতি যেনে পুনৰ সজীৱ কৰে। শনিবাৰে পশ্চিমবংগৰ পৰা গৈ বিহাৰত উপস্থিত হয় মোদী। পাটনাত তেওঁক আদৰণি জনায় জেডিইউৰ মুৰব্বী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ নীতিশ কুমাৰে।
ইজনে সিজনক আলিংগনো কৰে। পাটনা বিমানবন্দৰত দুয়োগৰাকী নেতাই উল্লাসিত হৈ কথা পাতি থকা দেখা যায়। পিছত মোদীয়ে নীতিশ কুমাৰৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে, “পাটনা বিমানবন্দৰত নীতিশ কুমাৰজীক লগ পাই বৰ ভাল লাগিল।”
ইতিমধ্যে নীতিশ কুমাৰৰ নামত দলঙক লৈ বিহাৰত আৰম্ভ হৈছে ৰাজনৈতিক উত্তেজনা৷ আৰজেডি নেতা তথা লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে দাবী কৰে যে নীতিশৰ নামত দলংখন উদ্বোধন কৰি বিজেপিয়ে দেখুৱাবলৈ চেষ্টা কৰিছে যে জেডিইউ নেতাজনৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈছে।
তেজস্বীয়ে কয়, “আমি সকলোৱে জানো যে যেতিয়া এজন ব্যক্তি জীয়াই থাকে তেতিয়া তেওঁৰ নামত কোনো প্ৰতিমূৰ্তি বা দলং নিৰ্মাণ নহয়। হয়তো বিজেপিয়ে এটা বাৰ্তা দিব বিচাৰে যে নীতিশ কুমাৰৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈছে।” আৰজেডিয়ে দাবী কৰে যে দলংখন নিৰ্মাণৰ কাম চলি থকাৰ সময়তে তেওঁলোকে স্বাধীনতা সংগ্ৰামী তথা কৰ্পুৰী ঠাকুৰৰ ঘনিষ্ঠ সহযোগী অক্ষয়বট ৰায়ৰ নামত নামকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল।
ইফালে তেজস্বীক প্ৰত্যুত্তৰ দিলে বিজেপিয়ে। দলটোৰ ৰাজ্যিক মুখপাত্ৰ কুন্তল কৃষ্ণই তেজস্বীক কয়, “আপুনি আৰু আপোনাৰ পৰিয়ালে কেৱল লুটপাত কৰিছে। এই দলংখন নীতিশ কুমাৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধীনত বিহাৰৰ উন্নয়নৰ প্ৰমাণ।”













