টেষ্ট ক্ৰিকেটত (Test cricket) দুটাকৈ ৰেকৰ্ড গঢ়াৰ দুৱাৰদলিত (going to making two records) উপনীত হৈছে যুৱ ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল (Cricketer Yashasvi Jaiswal)। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সুনীল গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ ভংগ কৰাৰ সুযোগ লাভ কৰিছে তেওঁ। আনহাতে, বিনোদ কাম্বলীৰ অভিলেখ স্পৰ্শ কৰাৰো সম্ভাৱনা আছে।
দ্বিপাক্ষিক শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে গাভাস্কাৰৰ নামত। ১৯৭০-৭১ ছিজনত ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ টেষ্ট শৃংখলাত তেওঁ ৭৭৪ ৰান সংগ্ৰহ কৰিছিল। যিটো দ্বিপাক্ষিক শৃংখলাত এজন ভাৰতীয় ক্ৰিকেটাৰৰ সৰ্বাধিক ৰান। দ্বিপাক্ষিক শৃংখলাত পুনৰ ৭০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হৈছিল গাভাস্কাৰ। ১৯৭৮-৭৯ ছিজনত ভাৰতৰ মাটিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭৩২ ৰান সংগ্ৰহ কৰিছিল তেওঁ। ইয়াৰ বাহিৰে আন কোনো ভাৰতীয় বেটছমেনে দ্বিপাক্ষিক শৃংখলাত ৭০০ ৰান সংগ্ৰহ কৰিব পৰা নাই। এই তালিকাত দ্বিতীয় স্থানত আছে ৬৯২ ৰান।
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন টেষ্টত যশস্বীয়ে ৫৪৫ ৰান সংগ্ৰহ কৰে। বাকী দুখন টেষ্টত যদি তেওঁ আৰু ২৩০ ৰান কৰিব পাৰে, তেন্তে তেওঁ গাভাস্কাৰৰ ৫৪ বছৰীয়া অভিলেখ ভংগ কৰিব। ভাৰতৰ দ্বিতীয় বেটছমেন হিচাপে দ্বিপাক্ষিক শৃংখলাত ৭০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ এই যুৱ অ’পেনিং বেটছমেনগৰাকীক আৰু ১৫৫ ৰানৰ প্ৰয়োজন।
ইয়াৰ বাহিৰেও ৰাঁচীত আন এক অভিলেখ গঢ়ি তুলিব পাৰে যশস্বীয়ে। বিনোদ কাম্বলিয়ে ১৪ ইনিংছত ১০০০ টেষ্ট ৰান সংগ্ৰহ কৰিছিল। যিটো ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত দ্ৰুততম ১০০০ ৰান। ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টৰ প্রথম ইনিংছত যদি যশস্বীয়ে ১৩৯ ৰান কৰিব পাৰে, তেন্তে তেওঁ কাম্বলীৰ ৰেকৰ্ড স্পর্শ কৰিব৷