
বয়স মাত্ৰ ১৫ বছৰ। এই বয়সতে বৈভৱ সূৰ্যবংশী (Vaibhav Sooryavanshi) ক্ৰিকেট বিশ্বাৰ চৰ্চাৰ বিষয় হৈ পৰিছে। তাতে যদি টি-২০ ক্ৰিকেট বা আই পি এল (IPL) হয়, তেন্তে সেয়া প্ৰশ্নৰ বাহিৰত। নহ’বই বা কিয়- বিৰাট কোহলী, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, অভিষেক শৰ্মা, শুভমন গিলৰ দৰে বেটছমেনক চেৰ পেলাই বৈভৱে অৰেঞ্জ কেপ (সৰ্বাধিক ৰাণ সংগ্ৰকাৰী) লাভ কৰিছে।
বহু ছাত্ৰ-ছাত্ৰী বা খেলুৱৈয়ে পৰীক্ষা বা প্ৰতিযোগিতাৰ আগত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে। আই পি এলৰ পূৰ্বে বৈভৱেও নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ১৬ খন মেচত (In 16 matches) ৭৭৬ ৰাণ সংগ্ৰহ (776 runs Collection) কৰি অৰেঞ্জ কেপ জয় কৰাৰ পিছত বৈভৱে কয় যে তেওঁ উক্ত লক্ষ্য ছিজন আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্ধাৰণ (Previously determined) কৰিছিল। দেওবাৰে ফাইনেলৰ পিছত যুৱ ক্ৰিকেটাৰগৰাকীয়ে আই পি এল সম্প্ৰচাৰ চেনেলটোক কয়, “মই ছিজন আৰম্ভ হোৱাৰ আগতেই মোৰ ফোনত লিখি থৈছিলো। মই লিখিছিলো যে আই পি এলত মই ৭০০ ৰাণ কৰিব লাগিব। মই প্ৰতিখন মেচৰ পিছত সেই কথা নিজকে সোঁৱৰাই দিছিলো।”

৭৭৬ ৰাণৰ বাহিৰে এইবাৰৰ আই পি এলৰ পৰা আৰু কি অৰ্জন হৈছে? এই সন্দৰ্ভত বৈভৱে কয়, “মই কিছুমান গুৰুত্বপূৰ্ণ কথা শিকিছো। চাপত কেনেকৈ খেলিব লাগে, পৰিস্থিতি বুজি আৰু খেলাৰ শৈলী কেনেকৈ সলনি কৰিব লাগে শিকিছো। প্ৰতিটো বল একে মানসিকতাৰে খেলিব নোৱাৰিব। মেচৰ পৰিস্থিতি আৰু দলৰ প্ৰয়োজন অনুসৰি খেলিব লাগিব ।”
আই পি এলত সৰ্বাধিক ছয় (৭২) কোবোৱাৰ অভিলেখ গঢ়িছে বৈভৱে। আই পি এলৰ সৰ্বাধিক মূল্যৱান ক্ৰিকেটাৰ বঁটা লাভ কৰাৰ লগতে তেওঁ সৰ্বাধিক আক্ৰমণাত্মক ক্ৰিকেটাৰ বঁটাও লাভ কৰে। আই পি এলত বিশ্বমানৰ ক্ৰিকেটাৰৰ ভিৰৰ মাজৰ পৰা মুঠ ৫টা বঁটা কাঢ়ি লৈছে বৈভৱে। স্বাভাৱিকতে তেওঁক লৈ ক্ৰিকেট জগতত নতুন চৰ্চা আৰম্ভ হৈছে।













