
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ‘আপত্তিজনক মন্তব্য’ৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। দিল্লী, মুম্বাই, বেংগালুৰু, ৰাঁচী, পাটনা, লক্ষ্ণৌ, জম্মুকে ধৰি দেশৰ বিভিন্ন চহৰত একেলগে প্ৰতিবাদ সাব্যস্ত কৰা হয়। লগতে তৎকালীনভাৱে ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰা হৈছে। খাৰ্গেৰ এই মন্তব্যৰ বিৰুদ্ধে কলকাতাতো এক সমাৱেশ অনুষ্ঠিত হয়।
দেওবাৰে পাটনাত এখন সভাত ভাষণ দি খাৰ্গেয়ে ক্ষোভত মেজাজ হেৰুৱাই কৈছিল, “মোদীৰ বাপেকো যাব লাগিব (শাসনৰ পৰা অপসাৰণ কৰা হ’ব)।” কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ এই মন্তব্য পোহৰলৈ অহাৰ পিছত বিজেপিয়ে বিৰোধী শিবিৰৰ ‘ৰুচিবোধ’ক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। কংগ্ৰেছক লক্ষ্য কৰি অমিত শ্বাহে দাবী কৰে যে খাৰ্গেয়ে শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিলে। কংগ্ৰেছৰ ৰাজনৈতিক ‘দেউলীয়া’ক লৈও নীতিন গাডকাৰীয়ে তীব্ৰ সমালোচনা কৰে। বিজেপিৰ সকলো শীৰ্ষ নেতাই ইয়াৰ গৰিহণা দিয়ে। পিছত সোমবাৰে পুৱাৰে পৰা দেশৰ প্ৰতিখন ডাঙৰ চহৰত গেৰুৱা শিবিৰৰ প্ৰতিবাদ আৰম্ভ হয়। ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাত বিজেপিৰ দিল্লীৰ সভাপতি হৰ্ষ মালহোত্ৰাক গ্ৰেপ্তাৰো কৰা হয়।

দিল্লীৰ খাৰ্গেৰ বাসগৃহৰ সমীপতো বিজেপি কৰ্মী আৰু সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ দিনটোতে গেৰুৱা শিবিৰে দিল্লীৰ ৰাজাজী মাৰ্গত সমদল উলিয়ায়। ‘মোদীৰ অপমান ভাৰতে সহ্য নকৰে’ বুলি লিখা পোষ্টাৰেৰে দলীয় কৰ্মী আৰু সমৰ্থকসকলে সমদলত যোগদান কৰে। এই সমগ্ৰ বিতৰ্কৰ উৎপত্তিস্থল বিহাৰৰ পাটনাতো সোমবাৰে পুৱা ৰাজপথলৈ ওলাই আহে বিজেপিৰ নেতা-কৰ্মী। খাৰ্গেৰ বিৰুদ্ধে শ্ল’গান দি পাটনাৰ ৰাজপথত বিজেপিৰ কৰ্মী আৰু সমৰ্থকে এক সমদল উলিয়ায়। জম্মুতো খাৰ্গেৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে সমদল উলিয়ায়। জম্মুৰ ডোগৰা চ’কত বিজেপি যুৱ মৰ্চায়ো এই সমদলত যোগদান কৰে।
আনহাতে, বিয়লি বেংগালুৰুৰ ফ্ৰিডম পাৰ্কতো এক প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰা হয়। তাতো খাৰ্গেক বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা কৰিবলৈ দাবী উত্থাপন কৰা হয়। বেংগালুৰুতো প্ৰতিবাদৰ সময়ত বিজেপিৰ নেতা-কৰ্মীক আটক কৰি ৰখা হয়। ৰাঁচী, লক্ষ্ণৌ, কলকাতাতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।












