ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2026
Reading Time: 1 min read
A A
0
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

RELATED POSTS

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

New Logo Smal 2 | ASSAM TIMES POST

শুকুৰবাৰে পুৱাতেই চলিত এছিয়ান গেমছত (Asian Games 2026) ভাৰতে দুটাকৈ স্বৰ্ণ পদক লাভ কৰে। তাৰে এটা আহে অসমকন্যা লাভলীনাৰ হাতেৰে। লাভলীনা বৰগোঁহায়ে (Lavlina Borgohain) মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বৰ্ণ পদক লাভ কৰে। আনহাতে, মহিলাৰ ৰিকাৰ্ভ আৰ্ছাৰীৰ দলীয় ইভেণ্টতো সোণৰ পদক লাভ কৰে। অৱশ্যে ৰিকাৰ্ভ আৰ্ছাৰীৰ মিক্সড দলীয় ইভেণ্টত ভাৰতীয় দলটোৱে ৰূপৰ পদক লাভ কৰিয়েই সন্তুষ্ট হ’বলগীয়া হয়।

আশা কৰা মতেই নাগোয়া গেমছত লাভলীনাই সোণৰ পদক লাভ কৰে। অলিম্পিকৰ পদক বিজয়ী ভাৰতীয় বক্সাৰগৰাকীয়ে ফাইনেলত চীনৰ বাও জিয়ায়ীক পৰাস্ত কৰে। ফাইনেলৰ আৰম্ভণিৰে পৰাই লভলীনাই আগ্ৰাসী ৰূপ ধাৰণ কৰিছিল। প্ৰথম ৰাউণ্ডত ৩-২ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয় ৰাউণ্ডত লাভলীনাই নিজৰ গতি আৰু বৃদ্ধি কৰে। তেওঁ জিয়ায়ীক কোনো সুযোগ নিদিলে। ফলত লাভলীনাৰ পক্ষত পইণ্টৰ ব্যৱধান ৪-১ হয়। তৃতীয় ৰাউণ্ডতো লাভলীনাৰ সুবিধা ল’ব নোৱাৰিলে চীনা বক্সাৰগৰাকীয়ে। তৃতীয় ৰাউণ্ডত ৪-১ ব্যৱধানত জয়লাভ কৰে লাভলীনাই। বিগত এছিয়ান গেমছত লাভলীনাই ৰূপৰ পদক লাভ কৰিছিল। এইবাৰ তেওঁ পদকৰ ৰং সলনি কৰিলে। তেওঁৰ জন্মদিনতেই প্ৰাক্তন বিশ্ব চেম্পিয়ন অসমকন্যা লাভলীনাই এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰে। উল্লেখ্য যে শুকুৰবাৰে লাভলীনাই ২৯ বছৰ সম্পূৰ্ণ কৰিলে।

gold | ASSAM TIMES POST
জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

লাভলীনাৰ পূৰ্বে মহিলা খেলুৱৈসকলেও দেশৰ বাবে দিনটোৰ প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিছিল। মহিলাৰ ৰিকাৰ্ভ আৰ্ছাৰী দলীয় ইভেণ্টত ভাৰতে স্বৰ্ণ পদক লাভ কৰে। ছেমিফাইনেলত অংকিতা ভকত, কীৰ্তি আৰু কুমকুম মহম্মদে চীনক ৫-১ ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে প্ৰথম ছেটত ৫৩-৫১ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয় ছেট ৫৪-৫২ পইণ্টেৰে জয়ী হয়। তৃতীয় ছেটত ৫১-৫১ পইণ্টৰ ড্ৰ’ হৈছিল, গতিকে চতুৰ্থ ছেট খেলাৰ কোনো প্ৰয়োজন নাছিল। ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী আছিল দক্ষিণ কোৰিয়া। ৫-৩ পইণ্টেৰে ফাইনেলত জয়লাভ কৰে ভাৰতে। দুই দলৰ মাজত কঠোৰ যুঁজ হয়। প্ৰথম ছেটত ৫৪-৫৪ পইণ্টত ড্ৰ’ হয়। দ্বিতীয় ছেটতো দুয়োটা দলে ৫৬ পইণ্ট লাভ কৰে। তৃতীয় ছেটত ভাৰতীয় দলে অগ্ৰগতি লাভ কৰে। ৫৫-৫১ ব্যৱধানত জয়লাভ কৰি আৰামদায়ক স্থানলৈ গতি কৰে। চতুৰ্থ ছেটত পুনৰ ৫৪-৫৪ পইণ্টেৰে ড্ৰ’ হয়। ইয়াৰ লগে লগে ভাৰতীয় ধনুৰ্বিদসকলে এইবাৰৰ গেমছত চাৰিটাকৈ স্বৰ্ণ পদক লাভ কৰে।

মহিলা ইভেণ্টত জয়ী হোৱাৰ পাছতো ভাৰতে ৰিকাৰ্ভ আৰ্ছাৰীৰ মিক্সড দলীয় ইভেণ্টত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ছেমিফাইনেলত জাপানক ৫-৩ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ফাইনেলত চীনৰ হাতত ৩-৫ ব্যৱধানত পৰাস্ত হয়। কুমকুম-ধীৰাজ বোম্মাদেৱৰ যুটিয়ে ফাইনেলত ভাল আৰম্ভণি কৰিব পৰা নাছিল। প্ৰথম ছেটত ৩৪-৩৮ আৰু দ্বিতীয় ছেটত ৩৫-৩৭ ব্যৱধানত পৰাস্ত হৈ ভাৰতীয় যুটিটোৱে চাপত পৰিছিল। তৃতীয় ছেটত ৩৭-৩৬ ব্যৱধানত জয়লাভ কৰি আশা সজীৱ কৰি ৰাখে যদিও সেয়া সফল নহ’ল। চতুৰ্থ ছেটত ৩৭-৩৭ পইণ্টত ড্ৰ’ হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AsianGames2026LavlinaBorgohain
Share4Tweet3Send

Related Posts

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

by News Desk
September 28, 2026
51
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
ADVERTISEMENT
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা
Assam

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026
50
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

Dowry demand : ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d