ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2026
Reading Time: 1 min read
A A
0
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

New Logo Smal 2 | ASSAM TIMES POST

তিৰুৱনন্তপুৰমত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দেওবাৰে বিৰাট কোহলীয়ে শতক অৰ্জন কৰে। তেওঁ ১৩৯ ৰানৰ ইনিংছ খেলি ভাৰতীয় দলক জয়ৰ দিশে আগুৱাই লৈ যায়। এই ইনিংছটোত কোহলীয়ে ৭টা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

দ্ৰুততম ১৫,০০০ ৰাণ

শচীন তেণ্ডুলকাৰৰ পিছত এদিনীয়া ক্ৰিকেটত ১৫ হাজাৰ ৰাণ সংগ্ৰহ কৰা কোহলী দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয়। অৱশ্যে শচীনতকৈ কম ইনিংছত তেওঁ এই অভিলেখ অৰ্জন কৰে। কোহলীয়ে ৩০৩ ইনিংছত ১৫ হাজাৰ ৰাণৰ মাইলৰ খুঁটিত উপনীত হয়। শচীন তেণ্ডুলকাৰে ইয়াৰ বাবে ৩৭৭টা ইনিংছ লৈছিল।

সৰ্বাধিক প্ৰথম শ্ৰেণীৰ শতক

তিৰুৱনন্তপুৰমত শতক অৰ্জন কৰাৰ পিছত কোহলীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৬০টা শতক অৰ্জন কৰিছে। শচীনৰ নামতো ৬০টা শতক আছে। এতিয়ালৈকে শচীন তেণ্ডুলকাৰ এই তালিকাত শীৰ্ষত আছিল। কোহলীয়ে তেওঁক স্পৰ্শ কৰে। অৱশ্যে তেণ্ডুলকাৰতকৈ বহু কম ইনিংছত কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰে। তেওঁ ৩৩৮টা ইনিংছ লোৱাৰ বিপৰীতে শচীনে ৫৩৮ ইনিংছ লৈছিল।

v1 | ASSAM TIMES POST
অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

ঘৰুৱা মাটিত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ

ভাৰতৰ মাটিত এদিনীয়া ক্ৰিকেটত ১৩১ খন মেচত ৭০০৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কোহলীয়ে। ঘৰুৱা মাটিত ৭০০০ ৰোধিক ৰাণ সংগ্ৰহ কৰা তেওঁ হৈছে একমাত্ৰ ক্ৰিকেটাৰ। এতিয়ালৈকে এই অভিলেখ শচীনৰ নামতে আছিল। দেশৰ মাটিত ১৬৪ খন মেচত তেণ্ডুলকাৰে ৬,৯৭৬ ৰাণ সংগ্ৰহ কৰিছিল। সেই অভিলেখ ভংগ কৰিছে কোহলীয়ে।

দেশৰ মাটিত এদিনীয়া ক্ৰিকেটত অধিক শতক

ঘৰৰ মাটিত এদিনীয়া ক্ৰিকেটত কোহলীৰ এয়া ৪২ সংখ্যক শতক। ২৩২ খন মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। দেশৰ মাটিত এদিনীয়া ক্ৰিকেটত শচীনেও ৪২টা শতক অৰ্জন কৰিছে। তেওঁ ইয়াৰ বাবে ২৫৮ খন মেচ লৈছিল।

ৰাণৰ লক্ষ্য অনুসৰণত অধিক শতক

এদিনীয়া ক্ৰিকেটত জয়ৰ লক্ষ্য অনুসৰণ কৰি ৩০টা শতক অৰ্জন কৰিছে কোহলীয়ে। এই ক্ষেত্ৰত তেওঁ আন খেলুৱতকৈ বহু আগবাঢ়ি আছে। দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা। এই ক্ষেত্ৰত ৰোহিতে ১৮টা শতক অৰ্জন কৰিছে।

এখন দেশৰ বিৰুদ্ধে সৰ্বাধিক শতক

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোহলীৰ এয়া দশম শতক। এদিনীয়া ক্ৰিকেটত কোনো বিশেষ দলৰ বিৰুদ্ধে ইমান শতক অৰ্জন কৰা ৰেকৰ্ড আন কাৰো নাই। কেৱল ৱেষ্ট ইণ্ডিজেই নহয়, এদিনীয়া ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধেও কোহলীৰ ১০টা শতক আছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোহলীয়ে সকলো ফৰ্মেটতে ১৩টা শতক অৰ্জন কৰিছে। তেওঁ সুনীল গাভাস্কাৰৰ সৈতে যৌথভাৱে শীৰ্ষত আছে।

কেৰিয়াৰত শ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেট

এদিনীয়া ক্ৰিকেটত কোহলীয়ে ৯৪ ষ্ট্ৰাইক ৰেটেৰে ৰাণ সংগ্ৰহ কৰিছে। এয়া তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক ষ্ট্ৰাইক ৰেট। তিৰুৱনন্তপুৰমত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোহলীয়ে ৯টা ছয় কোবায়। এদিনীয়া ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনীৰ পিছতে তেওঁ দ্বিতীয় সৰ্বাধিক ছয় ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ ১০টা ছয় কোবাইছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ViratKohli
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
ADVERTISEMENT
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d