
সোমবাৰে সন্ধিয়া গুৱাহাটীৰ বৰা চাৰ্ভিছৰ হোটেল বিলাস ইনত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত জড়িত অভিযুক্ত গুৱাহাটী মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ। ঘটনা সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘণ্টাৰ ভিতৰতে এজন অভিযুক্তক গ্ৰেপ্তাৰ মূল অভিযুক্তক। অৱশ্যে আৰক্ষীয়ে এতিয়াও অভিযুক্তৰ পৰিচয় তথা তেওঁক ক’ত গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে এই গুলীচালনাৰ ঘটনাত মৃত্যু হৈছে হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আৰু তেওঁৰ পুত্ৰৰ। অৱশ্যে এই ঘটনা ব্যৱসায়িক সংঘাত নে অন্য পাৰিবাৰিক সংঘাতৰ কাৰণে সংঘটিত হৈছে বা ইয়াৰ আঁৰত কোন আছে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে এই মুহূৰ্তত নিহতৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পোৱা বুলি অসমৰ্থিত সূত্ৰে জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সোমবাৰে সন্ধিয়া প্ৰায় ৯.৩0 মান বজাত গুৱাহাটীৰ অতি ব্যস্ত জি এছ ৰোডৰ বৰা চাৰ্ভিছৰ হোটেল বিলাস ইনত এই ঘটনা সংঘটিত হৈছিল।













