ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
October 23, 2026
Reading Time: 1 min read
A A
0
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

RELATED POSTS

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

New Logo Smal | ASSAM TIMES POST

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নামত অনুমোদন জনোৱা হয়। বিশেষ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাপ্ৰাপকসকলক নিৰ্বাচন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটাৰ বাবে ড° হৰ্ষ ভট্টাচাৰ্যক নিৰ্বাচিত কৰা হৈছে।

আনহাতে, অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ড° কুশল কোঁৱৰ শৰ্মা, পদ্মশ্ৰী নুৰুদ্দিন আহমেদ, পুলক বেনাৰ্জী আৰু ড° পূৰ্ণিমা দেৱী বৰ্মন।

অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকল হৈছে দেৱী প্ৰসাদ বাগৰদিয়া, হলিচৰণ নাৰ্জাৰী, চিমু দাস, হৰকান্ত বসুমতাৰী, ধনজিৎ তালুকদাৰ, নিবেদিতা ইয়েং, মায়ং চক্ৰৱৰ্তী, জিতেন সাৰেংফাংচা, তনুমায়া সোণাৰ বিশ্বকৰ্মা আৰু দীপাল লাহন।

ইয়াৰ উপৰি কলং-কপিলী নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু গোলাঘাটৰ পদুম পথাৰ এগ্ৰ’ অৰ্গেনিক কোম্পানীকো অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৫ বৰ্ষৰ এই বঁটাসমূহ অহা ডিচেম্বৰ মাহত প্ৰদান কৰা হ’ব।

ড° ভূপেন হাজৰিকাৰ নামত নতুন ৰাষ্ট্ৰীয় বঁটা

আজিৰ কেবিনেট বৈঠকৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ নামত প্ৰতি তিনি বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱা হ’ব বিশিষ্ট কণ্ঠশিল্পী উষা মংগেশকাৰলৈ। বঁটাৰ সৈতে থাকিব নগদ ১০ লাখ টকা।

assam 2 | ASSAM TIMES POST
অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা

অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানতে উষা মংগেশকাৰক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ কথা।

প্ৰায় দুঘণ্টীয়া এই অনুষ্ঠানৰ ভিতৰত এঘণ্টা পোন্ধৰ মিনিটৰ বিশেষ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। শ্ৰেয়া ঘোষালসহ দেশৰ কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব। অসমৰ পৰাও প্ৰায় এহেজাৰ শিল্পী নতুন দিল্লীলৈ যাব। অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘We Are in the Same Boat, Brother’ পৰিৱেশন কৰা হ’ব।

ইপিনে, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি কৰি ১৫ লাখ টকা কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে।

ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ, ৩০০ লোকৰ সংস্থাপনৰ সম্ভাৱনা

ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়াত চিনটেক্সে প্ৰায় ৩০০ কোটি টকা বিনিয়োগেৰে এটা নতুন উদ্যোগ স্থাপন কৰিব। এই উদ্যোগত প্ৰায় ৩০০ লোকৰ সংস্থাপনৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, অসমৰ খনিজ পদাৰ্থ নিয়ন্ত্ৰণ আৰু ডিলাৰ সম্পৰ্কীয় বিধি সংশোধনৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে। বিশেষকৈ চূণশিলৰ গুণগত মানৰ ভিত্তিত বিভিন্ন শ্ৰেণী নিৰ্ধাৰণ কৰি সেই অনুসৰি ৰয়েল্টীৰ হাৰ পৃথক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নৱেম্বৰত মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন পৰিষদৰ নিৰ্বাচনী বিধি সংশোধনত অনুমোদন জনোৱা হৈছে।

অহা নৱেম্বৰ মাহত দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

এনেদৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, ঔদ্যোগিক বিনিয়োগ আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Awardannouncement
Share4Tweet3Send

Related Posts

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Guwahati

Deathbody found : হেঙেৰাবাৰীৰ নেহা এৰ্পাটমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 21, 2026
52
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

by News Desk
October 19, 2026
58
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

by News Desk
October 19, 2026
57
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

by News Desk
October 17, 2026
51
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

by News Desk
October 16, 2026
51
Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ
Guwahati

Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ

by News Desk
October 16, 2026
52
ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d