দেশৰ লাখ লাখ ক্ৰিকেট (Cricket) অনুৰাগীৰ অপেক্ষাৰত আগন্তুক আইপিএলৰ খেলৰ সময়সূচী (IPL Match schedule) প্ৰকাশ কৰা হৈছে। যাৰ বাবে এতিয়া আগন্তুক আইপিএলক লৈ অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
আইপিএলৰ অধ্যক্ষ অৰুণ সিং ধুমলে প্ৰকাশ কৰা এই সূচী অনুযায়ী অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল, ২০২৪।
উল্লেখযোগ্য যে চেন্নাই ছুপাৰ কিংছে বিগত ছিজনত গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমটো খিতাপ দখল কৰিছিল। আনহাতে, আইপিএল, ২০২৪ৰ প্ৰথমখন মেচ চেন্নাইত হ’বলৈ গৈ আছে। এই মেচ খনত চেন্নাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।
অৱশ্যে এই সূচী প্ৰথম দুটা সপ্তাহৰ বাবে প্ৰকাশ কৰা হৈছে। এই দুসপ্তাহত ১০ খন চহৰত মুঠ ২১ খন মেচ অনুষ্ঠিত হ’ব। ৭ এপ্ৰিললৈ চলিবলগা এই প্ৰথম দুসপ্তাহৰ সূচী মতে, প্ৰতিটো দলেই কমেও তিনিখন আৰু সৰ্বাধিক ৫ খন মেচ খেলিব।