নিৰ্বাচনী প্ৰচাৰৰ সময়ত পুনৰ আহত হ’ল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Bengal Chief Minister Mamata Banerjee)। দুৰ্গাপুৰত সংঘটিত হয় এই দুৰ্ঘটনা (Accident in Durgapur)। শনিবাৰে আছানছোলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মমতাৰ দুখনকৈ প্ৰচাৰ সভা আছিল। দুৰ্গাপুৰৰ পৰা হেলিকপ্টাৰেৰে তালৈ গৈ থকা অৱস্থাত হঠাৎ হেলিকপ্টাৰত বহি থকা অৱস্থাতে তেওঁ বাগৰি পৰে (She fell while sitting in a helicopter)।
সমগ্ৰ ঘটনাটো এটা ভিডিঅ’ ফুটেজত বন্দী হৈছে। তাত দেখা গৈছে যে মমতাই গাড়ীৰ পৰা নামি হেলিকপ্টাৰখনৰ ফালে আগবাঢ়িছে। তেওঁৰ পিছফালে কিছু দূৰ খোজকাঢ়ি গৈ আছে ইন্দ্ৰনীল সেন। মমতাই চিৰি বগাই লাহে লাহে খোজকাঢ়ি ভিতৰত সোমাই যায়।
কিন্তু চিটৰ আগফাল পাওঁতেই হঠাৎ হাতখন পিছলি তেওঁ বাগৰি পৰে। লগে লগে মুখ্যমন্ত্রীৰ দেহৰক্ষীসকল দৌৰাদৌৰিকৈ আগবাঢ়ি যায়৷ তাৰ পিছত মমতাক উঠিবলৈ সহায় কৰাও দেখা যায়।
উল্লেখযোগ্য যে ডেৰ মাহ পূৰ্বেও আহত হৈছিল মুখ্যমন্ত্ৰীগৰাকী। ঘৰতে পৰি কপালত আঘাত পায় তেওঁ। ১৪ মাৰ্চৰ উক্ত ঘটনাৰ পিছত বংগৰ মুখ্যমন্ত্ৰীক চিকিৎসালয়লৈ নিবলগীয়া হয়। তাৰে ৪৪ দিনৰ পাছত পুনৰ আঘাতপ্ৰাপ্ত হয় মমতা।