ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

News Desk by News Desk
November 23, 2026
Reading Time: 1 min read
A A
0
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

RELATED POSTS

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

New Logo Smal 1 | ASSAM TIMES POST

অৰুণাচল প্ৰদেশ সীমান্তত মুখামুখি সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ভাৰত আৰু চীনৰ শীৰ্ষ সামৰিক বিষয়াসকলে পুনৰ বৈঠকত (Arunachal China border conflict) মিলিত হয়। সূত্ৰ অনুসৰি, এই বৈঠকত ভাৰতীয় সেনাৰ তৃতীয় কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গিৰীশ কলিয়া আৰু চীনৰ এজন শীৰ্ষ সামৰিক নেতা উপস্থিত থাকে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলো উপস্থিত থাকে। শীতকালৰ পূৰ্বে সীমান্তত সৃষ্টি হোৱা উত্তেজনা নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য আছিল বুলি অনুমান কৰা হৈছে।

Arunachal China border conflict I
অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য:

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে চীনে টহল দিয়াৰ নিয়ম সলনি কৰাৰ পিছত অৰুণাচলৰ ভাৰত-চীন সীমান্তত মুখামুখি পৰিস্থিতিৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি, ছেপ্টেম্বৰ মাহত এখন বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত নৱেম্বৰ মাহত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি, দীপাৱলীৰ পিছত ৮ নৱেম্বৰৰ পৰা এই বৈঠক আৰম্ভ হৈছিল। প্ৰায় ১০ দিন ধৰি চলিছিল। অৱশ্যে মাজতে ক্ষন্তেকীয়া বিৰতি আছিল বুলি জানিব পৰা গৈছে।

এই বৈঠকত ভাৰতীয় সেনাৰ তৃতীয় ক’ৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গিৰীশৰ উপস্থিতিত অনুষ্ঠিত হয়। বাহিনীটোৰ মুখ্য কাৰ্যালয় নাগালেণ্ডৰ ডিমাপুৰত। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, এই বৈঠকৰ মূল উদ্দেশ্য আছিল দুয়োখন দেশৰ বাহিনীৰ মাজত এক স্পষ্ট আচৰণ বিধি নিৰ্ধাৰণ কৰা, টহলদাৰী দলৰ মাজত সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ আৰু দুয়োটা বাহিনীৰ মাজত যোগাযোগৰ মাধ্যম মুকলি কৰি ৰখা, যাতে বিবাদে কোনো ডাঙৰ অচলাৱস্থাৰ সৃষ্টি নকৰে। সেই অঞ্চলত টহল দিয়াটো শীতকালত সহজ নহয়। সেইবাবেই চাপৰ সন্মুখীন হৈ দুয়োটা বাহিনীয়ে সম্পৰ্ক কটকটীয়া কৰাৰ চেষ্টা চলাইছে বুলি ধাৰণা কৰা হৈছে। ৬-৭ ছেপ্টেম্বৰত দুয়োখন দেশৰ সামৰিক নেতাৰ মাজত প্ৰথম ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হৈছিল। কিবিথু খণ্ডৰ ৱাচা-দামাই পইণ্টত এই আলোচনা অনুষ্ঠিত হয়।

লাডাখৰ গালৱানত ভাৰত-চীনৰ সংঘৰ্ষৰ ৬ বছৰৰ পাছত আইটিবিপিৰ মুৰব্বীগৰাকীৰ এক মন্তব্যই দেশৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছিল। ৰাজস্থানত আইটিবিপিৰ এক অনুষ্ঠানত সাহসী কমাণ্ডোসকলক প্ৰশংসা কৰি ডিজি শত্ৰুজিৎ কাপুৰে কয়, “শেহতীয়াকৈ অৰুণাচল প্ৰদেশত মুখামুখি সংঘৰ্ষ সংঘটিত হৈছে। এতিয়াও চলি আছে।” তেওঁ লগতে কয় যে তাত আমাৰ সাহসী কমাণ্ডোসকলে অনবদ্য ভূমিকা পালন কৰিছে। যদিও আইটিবিপিৰ মুৰব্বীগৰাকীয়ে পোনপটীয়াকৈ কোনো লোকৰ নাম উল্লেখ কৰা নাই যাৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল। কিন্তু ধাৰণা কৰা হৈছিল যে এই ইঙ্গিত চীনা সেনাবাহিনীৰ ফালে আছিল। লগে লগে আৰম্ভ হয় বিতৰ্ক।

ইয়াৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি কয়, “চীনা বাহিনীয়ে নিজৰ নিৰ্ধাৰিত টহলদাৰী নিয়মৰ পৰা বিচ্যুত হৈছিল। সেই সময়ত ভাৰত-চীন সীমান্ত অঞ্চলৰ পৰিস্থিতি অশান্ত হৈ পৰিছিল।” কিন্তু কেতিয়া, সঠিকভাৱে ক’ত আৰু কি পৰিস্থিতিত সংঘাতৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বিতং ব্যাখ্যা দিয়া নাই। ২০২০ চনত গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষৰ বাবেই দীৰ্ঘদিন ধৰি দিল্লী আৰু বেইজিঙৰ মাজত উত্তেজনা আছিল। শেহতীয়াকৈ দুয়োখন দেশে সম্পৰ্ক উন্নত কৰাৰ বাবে উদ্যোগ লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ চীন ভ্ৰমণ কৰিছিল। শেহতীয়াকৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰে। ইয়াৰ মাজতে আইটিবিপিৰ ডিজিৰ মন্তব্যই নতুন উত্থানৰ ইংগিত দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎশীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
Share4Tweet3Send

Related Posts

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ
National-International

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

by News Desk
November 23, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

by Staff Reporter
November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

by Staff Reporter
November 21, 2026
50
Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
National-International

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

by News Desk
November 21, 2026
50
Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

by News Desk
November 21, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

by News Desk
November 21, 2026
50
ADVERTISEMENT
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

November 23, 2026
50
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ
National-International

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

November 23, 2026
50
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

November 23, 2026
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

November 23, 2026
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d