শুকুৰবাৰে অনুষ্ঠিত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত (Loksabha Election) ভোটদানৰ শীৰ্ষত থাকে অসম, মণিপুৰ আৰু ত্ৰিপুৰা। এই ৰাজ্যকেইখনত ভোটদানৰ হাৰ ৭২-৭৮ শতাংশৰ ভিতৰত হয়। সন্ধিয়ালৈকে লাভ কৰা তথ্য অনুযায়ী, অসমত ৭৬.৯৪ শতাংশ ভোটদান হয়। আনহাতে মণিপুৰ আৰু ত্ৰিপুৰাত ৭৭ শতাংশতকৈ অধিক ভোটদান হয়।
অৱশ্যে প্ৰথম পৰ্যায়ৰ দৰে মণিপুৰত দ্বিতীয় পৰ্যায়তো বিক্ষিপ্ত ঘটনা সংঘটিত হয়। আনহাতে, পূব ত্ৰিপুৰা সমষ্টিৰ দুটা বিধানসভা সমষ্টিত ভোটাৰসকলে ভোটদান বৰ্জন কৰে।
অসমত দ্বিতীয় পৰ্যায়ত পাঁচটা লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হয়।ইয়াৰে ভিতৰত দৰং-ওদালগুৰিত ৭৮.৪১, ডিফুত ৭৩.১১, কৰিমগঞ্জত ৭৩.৩৭, নগাঁৱত ৮০.৫৮ আৰু শিলচৰ লোকসভা সমষ্টিত ৭৫.৯৭ শতাংশ ভোটদান হয়।
আনহাতে, আউটাৰ মণিপুৰত ১৩ টা বিধানসভা সমষ্টিত ৮৫৭ টা বুথত ভোট গ্ৰহণ হয়। শৰণাৰ্থীসকলৰ বাবে ভোট দিবলৈ নটা বিশেষ বুথৰো ব্যৱস্থা কৰা হয়। সমষ্টিটোত মুখ্য প্ৰতিদ্বন্দিতা হৈছে বিজেপি সমৰ্থিত এনপিএফ প্ৰাৰ্থী কাচুই টিমোথি জিমিক আৰু কংগ্ৰেছ-ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী আলফ্ৰেড কে আৰ্থাৰৰ মাজত। অসমৰ শিলচৰ, কৰিমগঞ্জ, ডিফু, নগাঁও আৰু দৰং-ওদালগুৰি সমষ্টিত প্ৰতিদ্বন্দিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৬১ গৰাকী।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো মণিপুৰ উত্তপ্ত হৈ পৰে। উখৰুলত দুটা ভোটকেন্দ্ৰত কংগ্ৰেছ আৰু এনপিএফ সমৰ্থকৰ মাজত সংঘৰ্ষ হয়। এটা কেন্দ্ৰত এজন বিজেপি নেতাক প্ৰহাৰ কৰা হয়। আন এটা বুথত এজন বিজেপি সদস্যই মহিলাসকলক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইফালে, কাছাৰৰ উদাৰবন্দৰ দুৰ্গানগৰ চাহ বাগিচাৰ বাসিন্দাসকলে পথটো নিৰ্মাণ নকৰাৰ প্ৰতিবাদত নিৰ্বাচন বৰ্জন কৰে। ৭০০ তকৈ অধিক ভোটাৰৰ ভিতৰত মাত্ৰ এজনে ভোটদান কৰে। আনহাতে, দৰং জিলাৰ ছিপাঝাৰৰ বামুনীঝাৰ গাঁৱৰ ৰাইজে ২০ বছৰৰ পিছত ভোটদান কৰে। তেওঁলোকে লোকসভা, বিধানসভা আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বৰ্জন কৰিছিল।
আনহাতে, ত্ৰিপুৰা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো অস্থিৰতা আৰু বলপূৰ্বক হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপিত হৈছে। ভোট বৰ্জনৰ খবৰো আহিছে।দিনটোৰ শেষত, পূব ত্ৰিপুৰা জনজাতীয় সংৰক্ষিত আসনত ৭৯.৫৫ শতাংশ ভোটদান হয়।
পূব ত্ৰিপুৰাৰ ৰায়মাভালি আৰু আমপি সমষ্টিৰ দুটা বুথৰ ভোটাৰসকলে খোৱাপানী, বিদ্যুৎ আৰু পথৰ দাবীত ভোটগ্ৰহণ বৰ্জন কৰে। খোৱাই জিলাৰ কৃষ্ণপুৰ বিধানসভা সমষ্টিত চিপিআই(এম) আঞ্চলিক সমিতিৰ নেতা অৰ্ধেন্দু ঘোষৰ ঘৰত বিজেপি সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। খোৱাই বিধানসভা সমষ্টিৰ ১৪ নম্বৰবুথত মৌমাখিৰ আক্ৰমণত কমেও ১০ জন ভোটাৰ আহত হৈছে। তেওঁলোকক অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে।