কলকাতাত স্পৰ্শ কৰিছিল শচীনক। তাৰ পিছত নেদাৰলণ্ডৰ বিৰুদ্ধে সুযোগ আহিছিল বিশ্ব ৰেকৰ্ড স্থাপনৰ। কিন্তু সেই মেচখনত থমকি ৰয় কিং কোহলি (Virat Kohli)। কিন্তু আৰু অপেক্ষা নহয়। অৱশেষত আজি আহে সেই দুৰ্লভ মুহূৰ্ত।
৪১ নম্বৰ অভাৰৰ চতুর্থ বলটো লং লেগ আৰু ডিপ মিডউইকেটৰ মাজেৰে খেলি দৌৰ আৰম্ভ কৰে বিৰাট কোহলিয়ে।সেই দৌৰতেই শচীন তেণ্ডুলকাৰক চেৰ পেলাই যায়। কিয়নো এদিনীয়া ক্রিকেটত ৫০ নম্বৰ শতকৰ দৌৰ আছিল সেয়া। লগে লগে ৱাংখেড়েত ‘কোহলি, কোহলি’ কোলাহল। এক সময়তে উঠে ‘শচীন, শচীন’ ধ্বনিও। বিৰাটে এদিনীয়া ক্রিকেটত ৫০ নম্বৰ শতক কৰি প্রথমে হেলমেট, গ্ল’ভছ খুলি দুহাত দাঙি শচীনক প্রণাম কৰে।
উল্লেখযোগ্য যে বিৰাটে ৰেকর্ড গঢ়ি শচীনক অতিক্ৰম কৰি যায়। বুধবাৰে ৫০ সংখ্যক শতক কৰাৰ পূৰ্বে শচীনৰ দুটা ৰেকর্ড ভংগ কৰে বিৰাটে। এখন বিশ্বকাপত সৰ্বাধিক অর্ধশতক কৰে তেওঁ। তাৰ পিছতে এখন বিশ্বকাপত শচীনৰ সর্বোচ্চ ৰানৰ অভিলেখ ভংগ কৰে।