
শনিবাৰে বিয়লি দুই বাজি ৩০ মিনিটত খটখটী থানা এলেকাৰ লাহৰিজানৰ (Lahorijan of Khatkhati thana area) দুদু কলনিত প্ৰায় ৬ লক্ষ্যাধিক টকাৰ সন্দেহযুক্ত হেৰইন জব্দ (Heroin worth over Rs 6 lakh seized) কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ দুদু ক’লনিত এজন নগা যুৱকে কোনো অজ্ঞাত ব্যক্তি ড্ৰাগছ সৰবৰাহৰ নিশ্চিত তথ্য লাভ কৰি মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত খটখটী থানাৰ অ’চি ৰমেন বৰদলৈ, এছআই স্বমধন স্বৰ্গীয়াৰী, দীপক লাহন, এএছআই বিমান চেতিয়া, তৃতীয় কামাণ্ড আৰু থানা ষ্টাফৰ সহযোগত অভিযান চলাই নগা যুৱকজনে অনা NL-07-EC 2353 নম্বৰৰ স্কুটীৰ পৰা ১৪ টা চাবোনৰ বাকচত লুকুৱাই অনা ১৬৬.৩ গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয়৷

ধৃত নগা যুৱকজন (Arrested Naga youth) ডিমাপুৰৰ ইখুম গাঁৱৰ থুংচাম মুৰিৰ পুত্ৰ মাহো মুৰি বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষীয়ে উদ্ধাৰ হোৱা হেৰইনখিনি নিৰপেক্ষ সাক্ষীৰ সাক্ষাতে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













