এক নৃশংস হত্যাকাণ্ডই কঁপাই গৈছে উত্তৰ প্ৰদেশৰ (Uttar pradesh) লগতে সমগ্ৰ দেশ। এজন লোকে আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ পত্নী আৰু মাতৃক হত্যা কৰে। কেৱল সেয়াই নহয়, তেওঁৰ তিনিটা সন্তানকো ছাদৰ পৰা দলিয়াই হত্যা কৰে। ঘটনাটো শনিবাৰে উত্তৰ প্ৰদেশৰ সীতাপুৰ অঞ্চলৰ এখন গাঁৱত সংঘটিত হয়। আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, অনুৰাগ সিং (৪২) নামৰ লোকজন লক্ষ্ণৌৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰৰ সীতাপুৰৰ পালহাপুৰ গাঁৱৰ বাসিন্দা। তেওঁ তেওঁৰ পত্নী, মাতৃ আৰু তিনিটা সন্তানৰ সৈতে বাস কৰিছিল। নিচাগ্ৰস্ত অনুৰাগ মানসিক সমস্যাত ভুগি আছিল। তেওঁ প্ৰায়ে তেওঁৰ পত্নী আৰু মাতৃৰ সৈতে কোনোবা নহয় কোনোবা কাৰণত বিবাদত লিপ্ত হৈছিল। অনুৰাগৰ পত্নী প্ৰিয়ংকাই (৪০) তেওঁৰ স্বামীক এটা নিচামুক্তি কেন্দ্ৰলৈ পঠিয়াব বিচাৰিছিল। কিন্তু অনুৰাগে সন্মত নোহোৱাত দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হয়।
শুকুৰবাৰে নিশা এই সমস্যা আৰু বাঢ়ি যায়। আৰক্ষীয়ে জনোৱা অনুসৰি, অনুৰাগে তেওঁৰ পত্নীক হাতুৰীৰে মূৰত আঘাত কৰি হত্যা কৰে। তাৰ পিছত তেওঁৰ মাতৃ সাবিত্ৰীক (৬৫) গুলীয়ায়। অৱশেষত অনুৰাগে তিনিওটা শিশুক ছাদলৈ লৈ গৈ তাৰ পৰা তেওঁলোকক তললৈ দলিয়াই দিয়ে।
ইফালে চিঞৰ শুনি চুবুৰীয়াসকল ঘটনাস্থলীলৈ দৌৰি অহাত তেওঁ নিজৰ মূৰত গুলী কৰি আত্মহত্যা কৰে। ইফালে একেটা পৰিয়ালৰ ছয়জন সদস্যৰ মৃত্যুৱে গাঁওখনত শোকৰ ছাঁ পেলাইছে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চক্ৰেশ মিশ্ৰ নামৰ এজন আৰক্ষী বিষয়াই কয়, “ঘটনাস্থলীত ফৰেনচিক দল উপস্থিত হৈছে। আমি ঘটনাটোৰ সকলো দিশ অনুসন্ধান কৰি আছো। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছে। অনুসন্ধানকাৰী বিষয়াসকলে অনুৰাগৰ হাতলৈ পিষ্টলটো কেনেকৈ আহিল সেয়াও অনুসন্ধান কৰি আছে।”