প্ৰশ্নকাকত ফাদিলৰ আশংকা এৰাই চলিবলৈ নীট পি জি পৰীক্ষা (NEET PG Exam)ত অভূতপূৰ্ব ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষাৰ মাত্র দুঘণ্টা পূৰ্বে প্রস্তুত কৰা হ’ব প্রশ্নকাকত৷ কেন্দ্ৰীয় চৰকাৰ আৰু এন বি ইৰ (The National Board of Education) সূত্ৰত মঙলবাৰে এই কথা প্ৰকাশ। আনহাতে, চলিত মাহত নীট পি জি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
প্ৰকাশিত বাতৰিত লগতে দাবী কৰা হৈছে যে মঙলবাৰে গৃহ পৰিক্ৰমা বিভাগৰ প্ৰতিনিধি দলৰ সৈতে চাইবাৰ ক্ৰাইম বিভাগৰ বিষয়াসকলে বৈঠকত মিলিত হোৱাৰ পাছত পৰীক্ষাৰ দুঘণ্টা পূৰ্বে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হয়, যাতে প্ৰশ্নকাকত ফাদিল হোৱাৰ সম্ভাৱনা নাথাকে।
উল্লেখ্য, যোৱা ২৩ জুনত স্নাতকোত্তৰ পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ নীট পি জিৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু হঠাতে ২৪ ঘণ্টাৰ পূৰ্বে স্থগিত হয়। তাৰ পিছতে জল্পনা-কল্পনা আৰম্ভ হয় যে প্ৰশ্নকাকত ফাদিলৰ বাবেই পৰীক্ষা পিছুৱাই দিয়া হ’ল।
উল্লেখ্য যে নীট পি জি ‘The National Board of Examination in Medical Sciences’ৰ আয়োজক পেনেলে ২১ জুনত এক অধিসূচনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক কৰি দিয়ে। তাত কোৱা হয় যে ছ’চিয়েল মিডিয়াত কোনোবাই প্ৰশ্ন বিক্ৰীৰ নামত ছাত্ৰ-ছাত্ৰীক মূৰ্খ বনাবলৈ চেষ্টা কৰিছে। কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক লগতে কয় যে তেওঁলোকে পতা ফান্দত যেন কোনেও ভৰি নিদিয়ে। পেনেল ব’ৰ্ডৰ অধিসূচনা অনুসৰি তেওঁলোকে নীট পি জিৰ পূৰ্বে নিয়মীয়াকৈ চোৱাচিতা কৰিছিল। তাৰ পৰাই গম পোৱা যায় যে এই পৰীক্ষাৰ প্ৰশ্নৰ কথা কৈ একাংশই ছাত্ৰ-ছাত্ৰীক ঠগিবলৈ চেষ্টা কৰিছে।