হাথৰছ কাণ্ড (Hathras case)ত আৰক্ষীয়ে আটক (Police arrested) কৰে সৎসংগৰ সংগঠককে ধৰি ৬ জন লোকক (Six people including the satsang’s organisers)। এই ঘটনাত উত্তৰ প্ৰদেশ চৰকাৰে তিনিজনীয়া ন্যায়িক সমিতি গঠন (Three member judicial committee formed) কৰিছিল। তিনিজনীয়া এই কমিটীৰ মুৰব্বী হিচাপে ৰখা হৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ব্ৰজেশ কুমাৰক। এই সমিতিখনত অৱসৰপ্ৰাপ্ত আই এ এছ হেমন্ত ৰাও আৰু অৱসৰপ্ৰাপ্ত আই পি এছ ভূপেশ কুমাৰ সিংও আছে।
উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে এই তিনিজনৰ নাম ঘোষণা কৰে। এই তদন্ত সমিতিখনে জানিব পাৰিব যে হাথৰছত সংঘটিত হোৱা এই কাণ্ডৰ বাবে কোন দায়ী। তদুপৰি এই কাৰ্যসূচী উপযুক্ত অনুমোদন লৈ আয়োজন কৰা হৈছিল নে নাই সেয়াও কমিটীয়ে চোৱা-চিতা কৰিব।
ইয়াৰ উপৰিও সৎসংগ সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰিব। কোৱা হৈছে যে এই সংগঠনসমূহৰ কাম-কাজ, ইয়াৰ ধাৰাবাহিকতা আৰু উদ্দেশ্যৰ ওপৰত বিশেষ অনুসন্ধান কৰা হ’ব। এই ঘটনাৰ পিছত স্বঘোষিত ভোলে বাবাৰ বিৰুদ্ধে কোনো এফআইআৰ দাখিল কৰা হোৱা নাই। যোগী প্ৰশাসনৰ সূত্ৰ অনুসৰি, প্ৰথম অৱস্থাত আয়োজকসকলৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত এই ঘটনাত মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাকিখিনিৰ অনুসন্ধান চলি আছে।
ইফালে স্বঘোষিত ধৰ্মগুৰুৰ নিজৰ নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপ চৰ্চালৈ আহিছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সৎসংগৰ নিৰাপত্তাৰক্ষী নিযুক্তিৰ বাবে আৱেদন গ্ৰহণ কৰা হয়। এই আৱেদন ধৰ্মগুৰুজনৰ উপস্থিতিত দাখিল কৰা হৈছিল। বেছিভাগ ক্ষেত্ৰতে নিৰাপত্তা বাহিনীত যুৱতী নিযুক্তি দিয়া হৈছিল। এই নিযুক্তি কিমানখিনি বৈধ আছিল সেই বিষয়ে বিতৰ্ক হৈছে। জনা যায় যে যিকোনো পৰিস্থিতিত ধৰ্মগুৰুজনৰ নিৰাপত্তাৰ দায়িত্ব এই শক্তিৰ হাতত আছিল। এই বাহিনীটোৱে হাথৰছৰ পৰিঘটনাত নিৰাপত্তাৰ বিশেষ ভূমিকাত আছিল। দুৰ্ঘটনাটোৰ যি ভিডিঅ’ প্ৰকাশ পাইছে তাত স্বঘোষিত বাবাৰ নিজৰ বাহিনীৰ সদস্যক দেখা গৈছে। এই ঘটনাত এতিয়ালৈকে মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীবিলাকৰ অনুসন্ধান অব্যাহত আছে।