
দেওবাৰে বিয়লি ৩ মান বজাত ডিফু (Diphu)ৰ লাংকুং হাবে টাউন হলত কাৰবি আংলঙৰ চৰকাৰী গাওঁবুঢ়াসকলৰ বিভিন্ন কাৰ্যব্যৱস্থা সন্দৰ্ভত এখনি কৰ্মশালা (Various workshops of village elders) অনুষ্ঠিত হৈ যায়৷ উক্ত কাৰ্যসূচীত কাৰবি আংলং (Karbi Anglong) স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ, সাংসদ অমৰচিং তিচ’, বিধায়ক বিদ্যাচিং ইংলেঙকে ধৰি চৰকাৰী গাওঁবুঢ়া আৰু গাঁৱলীয়া গাওঁবুঢ়াসকল উপস্থিত থাকে৷

কৰ্মশালাত বিশেষকৈ চৰকাৰী গাওঁবুঢ়াসকলৰ প্ৰকৃত কাৰ্যপন্থা, মাটি গৰাকীসকলৰ মাটি বন্দোৱস্তীৰ বাবে ভি ফৰ্ম পূৰণ কৰা, ভিচিডিচি, টিভিচি গঠন,গাঁৱলীয়া গাওঁবুঢ়াসকলৰ ভূমিকাক শক্তিশালী কৰা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত তিনিটা বিধানসভা সমষ্টিত ১ লাখকৈ মুঠ ৫ লাখ ভূমি পট্টা তিনিমাহৰ ভিতৰত বিতৰণৰ কৰা সন্দৰ্ভত আলোচনা কৰা হয়৷












