টি-২০ বিশ্বকাপ (T20 Worldcup) জয় কৰি দেশলৈ উভতি অহাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ৰোহিত শৰ্মা, বিৰাট কোহলীকে ধৰি সমগ্ৰ ভাৰতীয় দলটো প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যায়। তাতে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে তেওঁ ক্ৰিকেটাৰৰ সকলো শ্বট জানে।
দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকল পোনে পোনে হোটেললৈ যায়। তাৰ পৰা দুখন বাছত উঠি ৭ নং লোক কল্যাণ মাৰ্গেৰে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যায়। তাতেই তেওঁলোকৰ বাবে প্ৰাতঃ আহাৰৰ ব্যৱস্থা কৰা হয়। ৰোহিত শৰ্মা আৰু ৰাহুল দ্ৰাবিদে প্ৰধানমন্ত্ৰীক অৰ্পণ কৰে টি-২০ বিশ্বকাপৰ ট্ৰফী। ট্ৰফী হাতত লৈ সমগ্ৰ দলটোৰ সৈতে এখন ফটো উঠে মোডীয়ে।
আনহাতে, প্ৰধানমন্ত্ৰীয়ে বহু সময় ধৰি ক্ৰিকেটাৰসকলৰ সৈতে কথা পাতে। উক্ত কথা-বতৰাৰ এটা ভিডিঅ’ ইতিমধ্যে প্ৰকাশ পাইছে। তাত দেখা গৈছে যে ৰোহিত শৰ্মা প্ৰধানমন্ত্ৰীৰ সোঁফালে বহি আছে, বাওঁফালে দ্ৰাবিড়। ৰোহিতৰ কাষত হাৰ্দিক পাণ্ডিয়া।
বিৰাট আছে দ্ৰাবিড়ৰ কাষত বহি। ক্ৰিকেটাৰসকলৰ উপৰি ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ৰ’জাৰ বিন্নি আৰু সচিব জয় শ্বাহো আছে। আনহাতে, খবৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰসকলক কয় যে তেওঁলোকৰ সকলো শ্বট তেওঁ জানে। বিশ্বকাপৰ সময়ত ক্ৰিকেটাৰসকলে যি প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে শুনিছে।
অনাগত দিনত ক্ৰিকেটকে ধৰি সকলো খেলকে কেনেদৰে ভাৰতৰ প্ৰতিটো প্ৰান্তত বিয়পাব পাৰি সেই সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰৰ নীতি সন্দৰ্ভত ক্ৰিকেটাৰসকলৰ সৈতে আলোচনা কৰে মোডীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে ৰোহিত, দ্ৰাবিড়, বিৰাট, হাৰ্দিকক বক্তব্য ৰখাও দেখা গৈছে ভিডিঅ’টোত।
উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ বাসগৃহত ১ ঘণ্টাৰো অধিক সময় থকাৰ পিছত ক্ৰিকেটাৰসকলক তাৰ পৰা পোনে পোনে দিল্লী বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁলোক মুম্বাই বিমানবন্দৰলৈ ৰাওনা হ’ব। মুম্বাইত ক্ৰিকেটাৰসকলক আদৰণি জনোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।