ভাৰতৰ টি-২০ বিশ্বকাপ (T20 Worldcup) জয়ৰ মূল উদযাপনৰ আয়োজন কৰা হৈছে মুম্বাইত। হুডখোলা বাছত বিশ্বকাপৰ ট্ৰফী লৈ বিজয় যাত্ৰা কৰিব ৰোহিত-বিৰাটে। তাৰ বাবে বিশেষভাৱে সজোৱা হৈছে বাছখন। আনহাতে, কঠোৰ নিৰাপত্তা ব্যৱস্থাও কৰা হৈছে। ক্ৰিকেটপ্ৰেমীসকলে ৱাংখেৰে ষ্টেডিয়ামত বিনামূলীয়াকৈ এই মহোৎসৱ চোৱাৰ সুযোগ পাব। আসনভৰ্তি নোহোৱালৈকে ক্ৰিকেটপ্ৰেমীক গেলেৰীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।
বিশ্ব চেম্পিয়ন দলটোৰ বিজয় যাত্ৰাৰ বাবে সাজু কৰা হৈছে এখন বাছ। বাছখনত টি-২০ বিশ্বকাপ জয়ৰ বিভিন্ন মুহূৰ্তৰ ছবি আৰু ক্ৰিকেটাৰৰ বিভিন্ন ষ্টাইলেৰে সজাই তোলা হৈছে। বৃহস্পতিবাৰে পুৱাৰে পৰা মুম্বাইত নীলা ৰঙৰ বাছখনৰ ব্যৱস্থা কৰা হৈছে। দুই কিলোমিটাৰ পথত নৰিমান পইণ্টৰ পৰা ৱাংখেৰে ষ্টেডিয়ামলৈ অনুষ্ঠিত হ’ব বিজয় যাত্ৰা। বাছ সজোৱাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
মুম্বাইত ভাৰতীয় দলটোৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, দলটো হোটেলৰ পৰা ৱাংখেৰে ষ্টেডিয়ামলৈ যোৱা পথত আৰু ষ্টেডিয়ামত পৰ্যাপ্তসংখ্যক আৰক্ষী জোৱান উপস্থিত থাকিব।
ইউনিফৰ্ম পৰিহিত আৰক্ষী জোৱানৰ উপৰি সাধাৰণ পোছাক পিন্ধা আৰক্ষী জোৱানো ৰাইজৰ মাজত থাকিব। বিভিন্ন স্থানত আৰটিএফ দলো থাকিব। সাধাৰণ মানুহে যাতে ক্ৰিকেটাৰৰ কাষ চাপিব নোৱাৰে সেইটো নিশ্চিত কৰা হ’ব। ক্ৰিকেটাৰসকলৰ বাছখনৰ সন্মুখত আৰু পিছফালে থাকিব আৰক্ষীৰ গাড়ী।