টি-২০ বিশ্বকাপ জয় কৰিলেও ট্ৰফী লৈ দেশত উপস্থিত হ’ব পৰা নাছিল ভাৰতীয় ক্ৰিকেট দলটো (Indian Cricket Team)। অৱশেষত পাঁচদিনৰ অপেক্ষাৰ অন্তত বৃহস্পতিবাৰে পুৱা ৬ বজাত দিল্লীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটো।
লগে লগে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দলটোক স্বাগতম জনাবলৈ দিল্লী বিমানবন্দৰত ভিৰ কৰে অনুৰাগীয়ে। আনহাতে, বিমানবন্দৰত অৱতৰণৰ পিচত দলটো পোনে পোনে মৌৰ্য হোটেললৈ যায়। তাত জিৰণি লোৱাৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ টীম ইণ্ডিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয়।
আনহাতে, এই সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ জাৰ্চীও সলনি হয়। দেশলৈ উভতি অহাৰ পাছত বৃহস্পতিবাৰে পুৱা ৰোহিত শৰ্মাৰ দলটোৱে নতুন জাৰ্চী লাভ কৰে। উক্ত জাৰ্চী পৰিধান কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ যায় ভাৰতীয় দলৰ সদস্যসকল।
অৱশ্যে বিশ্বকাপৰ জাৰ্চীৰ লগত নতুন জাৰ্চীৰ বিশেষ পাৰ্থক্য নাই। একে ৰং ব্যৱহাৰ কৰা হৈছে। কিন্তু জাৰ্চীৰ ডিজাইনত সামান্য পৰিৱৰ্তন হৈছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ ল’গ’ৰ বাঁওফালে থকা তাৰকাৰ সংখ্যা দুটা বৃদ্ধি কৰা হৈছে। যিটো ভাৰতে দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰাৰ প্ৰতীক। ইয়াৰ বাহিৰেও দেশৰ নামৰ তলত ‘চেম্পিয়নছ’ লিখা আছে। দিল্লীৰ হোটেললৈ গৈ ক্ৰিকেটাৰসকলে নতুন জাৰ্চী লাভ কৰে।
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে বিশ্ব বিজয়ী দলটোৰ অন্যতম সদস্য সঞ্জু ছেমছনে ক্ৰিকেটপ্ৰেমীসকলৰ সৈতে নতুন জাৰ্চীৰ ছবি শ্বেয়াৰ কৰে। অৱশ্যে ভাৰতৰ টি-২০ জাৰ্চীত ‘চেম্পিয়ন’ লিখাটো বিশেষভাৱে প্ৰদৰ্শিত নহ’ব।
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি পুনৰ দিল্লী বিমানবন্দৰলৈ যাব ভাৰতীয় দলটো। তাৰ পৰা বিশেষ বিমানেৰে মুম্বাইত উপস্থিত হ’ব ৰোহিত বাহিনী।
বিয়লি ৪ বজাত ভাৰতীয় দলটো মুম্বাইত উপস্থিত হোৱাৰ কথা। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব বিজয় যাত্ৰা। নৰিমান পইণ্টৰ পৰা হুডখোলা বাছেৰে ২ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৱাংখেৰে ষ্টেডিয়ামত উপস্থিত হ’ব ৰোহিত বাহিনী। তাত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব অভ্যৰ্থনা অনুষ্ঠান। ইয়াৰ পিছতে নিজ নিজ ঘৰলৈ ৰাওনা হ’ব বিশ্ব চেম্পিয়নসকল।