টি-২০ বিশ্বকাপ (T20 World Cup) জয়ৰ আনন্দ (Joy of winning)ই ত্ৰিপুৰাত আৰু দুজন যুৱকৰ প্ৰাণ (Two more youths killed in Tripura) কাঢ়িলে। মন্দিৰ নগৰ উদয়পুৰত সংঘটিত হয় এই ঘটনা। বুধবাৰে দুপৰীয়া যুৱক-যুৱতীৰ এটা দলে গাড়ী-বাইকেৰে বিজয় শোভাযাত্ৰা উলিয়ায়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এখন বলেৰ’ গাড়ীৰ পিছফালৰ পৰা ৰডত ওলমি থকা অৱস্থাত কেইবাজনো লোক আনন্দ-উল্লাস কৰি গৈ আছিল। সকলোৰে বয়স ২০-২৫ বছৰৰ ভিতৰত। কিন্তু হঠাৎ এটা ক্লাবৰ সন্মুখত ৰড ভাঙি ৪ জন লোক পথত বাগৰি পৰে। থিতাতে মৃত্যু হয় এজনৰ।
নহাতে, উদয়পুৰ জিলা চিকিৎসালয়ৰ জৰিয়তে আগৰতলা জি বি হাস্পতাললৈ লৈ যোৱাৰ পিছত নিশা প্ৰায় ১০ বজাত আকাশ সূত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃত্যু হয়। মৃত দুজনৰ ঘৰ মুৰাবাৰী অঞ্চলত। ইয়াৰ উপৰি আন দুজন আহত হয়। ইয়াৰে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাৰ বাবে জি বিলৈ নিয়া হয়। ইয়াৰ লগে লগে বিশ্বকাপ জয়ৰ উন্মাদনাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। আনহাতে, আহত হয় আন ৪ জন। উল্লেখ্য, বিশ্বকাপ জয়ৰ নিশা আগৰতলাৰ ৰাজপথত বাইক চলাই আনন্দ কৰি থকা অৱস্থাত স্কুটাৰৰ সৈতে মুখামুখি সংঘৰ্ষত মৃত্যু হৈছিল ৰাতুল বণিক নামৰ এজন যুৱকৰ। ইয়াৰ উপৰি ছাব্ৰমত খেল চাই থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ আন এজন ব্যক্তিৰ মৃত্যু হৈছিল ।