কার্বি ছাত্র সন্থাই (Karbi Students’ Union) আজি ডিফুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল (Press conference)ৰ জৰিয়তে ২০২৩ চনৰ ২৫ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী (Chief Minister) আৰু পৰিষদৰ মুখ্য কার্যবাহী সদস্য (Chief Executive Member)লৈ ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College)ৰ বিভিন্ন সমস্যা আৰু নাম সলনিকৰণ কৰাৰ দাবীত (Demanding a change of name) এখন স্মাৰকপত্ৰ প্ৰদান (Submitting Memorandum) কৰা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। উক্ত স্মাৰকপত্ৰ সন্দৰ্ভত কোনো ধৰণৰ সঁহাৰি লাভ নকৰা বুলি উল্লেখ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নাম ছেমছনছিং ইংতি সোঁৱৰণি মহাবিদ্যালয় কৰাৰ দাবী তোলে। ইয়াৰ লগতে মহাবিদ্যালয়খনত বিডিএছ, এমএছ, এমডি, বিএছচি নাৰ্ছিং, স্পীচ থেৰাপী আৰম্ভ কৰা দাবী উত্থাপন কৰে।
আনহাতে, চিকিৎসা মহাবিদ্যালয় চৌহদত বছৰি হোৱা বান পানী নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰি কয় যে বান পানীয়ে ৰোগীৰ লগতে চিকিৎসক, নাৰ্ছ, ছাত্র-ছাত্রী, অভিভাৱকৰ বহু সমস্যাৰ সৃষ্টি কৰি আহিছে। চিকিৎসা মহাবিদ্যালয়খন এতিয়াও নির্মাণ সম্পূর্ণ নহ’ল বুলি উল্লেখ কবি চৌহদতো মেৰামতি কৰাৰো দাবী উত্থাপন কৰে। মহাবিদ্যালয়খনত ল’ৰা আৰু ছোৱালীৰ বাবে অতিৰিক্ত আৱাস নির্মাণৰো দাবী উত্থাপন কৰে ছাত্র সংগঠনটোৱে। ছাত্র সংগঠনটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ গ্রেড-৩ আৰু গ্রেড-৪ পর্যায়ৰ সকলো নিযুক্তি কাৰ্বি আংলং জিলাৰ পৰা প্ৰদান কৰাৰ দাবী উত্থাপন কৰাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰশাসনীয় নিয়ন্ত্রণ কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ হাতত ন্যস্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে৷