অসমৰ আন এগৰাকী যুৱ প্ৰতিভাৰ বিশ্ব ৰেকৰ্ড (World record)। ৯ ঘণ্টাৰ ভিতৰত এখন গ্ৰন্থ লিখি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত (Guinness Book of World Records) স্থান লাভ কৰিছে এগৰাকী যুৱকে। নলবাৰী মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ তেওঁ। নাম হৈছে ৰাজদ্বীপ কাশ্যপ (Rajdeep Kashyap)। ‘জন্ম, প্ৰেম, মৃত্যু– কিছু বৈজ্ঞানিক কিছু অলৌকিক’ শীৰ্ষক ৬৩ পৃষ্ঠাৰ এই দাৰ্শনিক গ্ৰন্থখন ৰাজদ্বীপে লাখি উলিয়াইছে ৯ ঘণ্টাত।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ৰাজদ্বীপে প্ৰথম অৱস্থাত প্ৰট’কল অনুসৰি নিজৰ লেখাৰ প্ৰক্ৰিয়াৰ ভিডিঅ’ প্ৰমাণ হিচাপে প্ৰদানত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও তেওঁৰ কলেজৰ অধ্যক্ষৰ সমৰ্থন আৰু সহযোগত তেওঁৰ এই কৃতিত্বৰ প্ৰমাণ সফলতাৰে দাখিল কৰা হয়।
তিনিদিনত এখন গ্ৰন্থ ৰচনা কৰা ৰাজস্থানৰ আন এগৰাকী ছাত্ৰৰ বিষয়ে প্ৰকাশিত বাতৰিৰ পৰা অনুপ্ৰাণিত হৈ ৰাজদ্বীপে ২৪ মে’ৰ বিয়লি ৩.৫৫ বজাত গ্ৰন্থখন লেখাত মনোনিবেশ কৰিছিল আৰু পিছদিনা ১.০২ বজাৰ ভিতৰত গ্ৰন্থখন লিখি সম্পূৰ্ণ কৰে। ৩০ মিনিটৰ চমু ৰাতিৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পিছতো তেওঁ এটা অবিৰত অধিবেশনত সমগ্ৰ কিতাপখন ক্ৰাফ্ট কৰিবলৈ সক্ষম হয়।