ৰাজ্যৰ বান (Assam Flood) পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। আনহাতে, বানৰ কবলত পৰাসকল অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। ঘৰ-বাৰী পানীৰ তলত বুৰ যোৱাৰ লগতে পশুধন তথা খেতি ফথাৰৰো বিস্তৰ ক্ষতি হৈছে। আনহাতে, বানত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। চৰকাৰী তথ্য মতে, চলিত বানত এতিয়ালৈকে ৪৬ জন লোকৰ মৃত্যু (46 people have died so far) হৈছে। কেৱল বুধবাৰৰ দিনটোতে বানত বুৰি ৮ জন লোকৰ মৃত্যু হয়। ইয়াৰে ভিতৰত মৰিগাঁও, দৰং, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এজনকৈ লোকৰ মৃত্যু হয়। আনহাতে, শোণিতপুৰ জিলাত দুজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ উপৰি তিনিজন লোক এতিয়াও সন্ধানহীন হৈ আছে৷
এইবাৰৰ বানত বিশেষকৈ মাজুলীত হাহাকাৰ পৰিস্থিতি (Situation in Majuli worst)ৰ সৃষ্টি হৈছে। আনহাতে, বানৰ কবলত পৰিছে কাজিৰঙা, পবিতৰা, ওৰাং, লাওখোৱা, মানাহকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্য। যাৰ ফলত বন্য জীৱ-জন্তুৰো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু জনাঞ্চললৈ ওলাই আহি বহু ঠাইত ত্ৰাসৰ সৃষ্টি কৰিছে।
উজনি-নামনিৰ লগতে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱর্তী চন্দ্ৰপুৰ, পানীখাইতী (Chandrapur, Panikhaiti, adjoining Guwahati city) আদি অঞ্চলৰো কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তলত (under water)।
ইফালে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে, সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ ২,৮০০ খন গাঁও জলমগ্ন হৈছে। চলিত বানত ক্ষতিগ্ৰস্ত হৈছে ১৬,২৫,০৮৯ গৰাকী লোক। ইয়াৰ উপৰি ৩৯,৪৫১ হেক্টৰ কৃষিভূমিও পানীৰ তলত ডুব গৈ আছে৷
আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৮১ টা আশ্ৰয় শিবিৰত ২৫,৭৪৪ আৰু ৩৩৪ টা বান সাহায্য কেন্দ্ৰত ৩,৬১,২০৬ গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে।