
ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত গোলকগঞ্জ আৰক্ষীৰ সহযোগত বজালী আৰক্ষীয়ে এক বৃহৎ অভিযান চলায়। অভিযানত প্ৰায় এক কোটি টকাৰ সোণৰ অলংকাৰ লগতে ৫ লাখ ৫০ হাজাৰ নগদ ধনসহ চুৰিকৰ্য্যত ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি উদ্ধাৰ কৰাৰ লগতে এজন দুৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।
জানিব পৰা মতে, যোৱা ১৪ ছেপ্টেম্বৰত বজালী জিলাৰ পাঠশালাৰ হাউলী ৰোডস্থিত নিউ মা মনসা জুৱেলাৰ্ছত এক চুৰিকাণ্ড সংঘটিত হৈছিল। নিশা চোৰে গহনাৰ দোকানখনৰ শ্বাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি গহনা লুটি নিয়ে। চোৰে দোকানখনৰ চিচি টিভি কেমেৰাও ভাঙি চিচি টিভিৰ বক্সটো লৈ যায়।

ঘটনাৰ পিছতে বজালী আৰক্ষীয়ে চুৰিকাণ্ডত জড়িত লোকৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলে। প্ৰায় ১০ দিনৰ পিছত লাভ কৰা এক বিশেষ তথ্যৰ ভিত্তিত বজালী আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীৰ সহযোগত আজি নিশা গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত অভিযান চলায়।
অভিযানত ছোহৰাব আলী ওৰফে কালু নামৰ ডকাইত জনক আটক কৰে আৰক্ষীয়ে। পিছত ঘৰত তালাচী চলাই আৰক্ষীয়ে প্ৰায় এক কোটি টকাৰ সোণৰ অলংকাৰ, ৫ লাখ ৫০ হজাৰ নগদ ধনসহ চুৰিকাণ্ডত ব্যৱহৃত বিভিন্ন সঁজুলি আৰু এখন চাৰিচকীয়া বাহন উদ্ধাৰ কৰে। চুৰিকাণ্ডৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো ধুবুৰী আৰু বজালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













